NORTHEAST NOW (Assamese)
Popular Stories

কুতুব মিনাৰ কমপ্লেক্সৰ ভিতৰত হিন্দু-জৈনৰ উপাসনা কৰাৰ অধিকাৰ বিচাৰি কৰা আবেদন খাৰিজ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 9, 2021 7:48 pm
Qutub Minar

‘বৰ্তমান আৰু ভৱিষ্যতৰ শান্তি বিঘ্নিত কৰাৰ বাবে অতীতৰ অন্যায়সমূহ আধাৰ হ’ব নোৱাৰে’— এইদৰে উল্লেখ কৰি দিল্লীৰ এখন আদালতে হিন্দু আৰু জৈন দেৱতাসকলৰ পুনৰুদ্ধাৰ আৰু কুতুব মিনাৰ কমপ্লেক্সৰ ভিতৰত উপাসনা কৰাৰ অধিকাৰ বিচাৰি এখন আবেদন নাকচ কৰিছে।

কুতুব মিনাৰৰ ভিতৰত জৈন দেৱতা তীৰ্থংকৰ ভগৱান ঋষভ দেৱ আৰু হিন্দু দেৱতা ভগৱান বিষ্ণুৰ নাম পুনৰুদ্ধাৰ কৰি উপাসনা কৰাৰ অধিকাৰ বিচাৰি আবেদন দাখিল কৰা হৈছিল।

আৱেদন অনুসৰি, মহম্মদ গৌৰীৰ সেনাৰ এজন সেনাপতি কুতুবদিন আইবাকে ২৭ টা মন্দিৰ আংশিকভাৱে ভাঙি পেলাইছিল আৰু কুৱাত-উল-ইছলাম মছজিদক কমপ্লেক্সৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।

যিহেতু মুছলমানসকলে নিৰ্মাণৰ আগতে বা পিছত কেতিয়াও ঠাইখনক ৱাকফ সম্পত্তি হিচাপে ঘোষণা কৰা নাছিল, সেয়ে কোনো সময়তে মছজিদ হিচাপে ব্যৱহাৰ কৰিব পৰা নাছিল বুলি দাবী কৰিছিল আবেদনখনত।

অৱশ্যে ন্যায়ালয়ে এই যুক্তি নাকচ কৰে আৰু কয় যে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ২৫ আৰু ২৬ ৰ দ্বাৰা প্ৰদান কৰা ধৰ্ম পালন কৰাৰ অধিকাৰ উপাসকসকলৰ আছে আৰু তেওঁলোকৰ মূল স্থানত দেৱতাসকলক যথাযথ মৰ্যাদাৰে পুনৰুদ্ধাৰ কৰাটো নিশ্চিত কৰাৰ অধিকাৰ আছে বুলি কৰা যুক্তি যোগ্যতাহীন।

বিচাৰপীঠে মন্তব্য কৰে যে এবাৰ এটা গাঁথনিক সুৰক্ষিত স্মৃতিস্তম্ভ হিচাপে ঘোষণা কৰা পিছত আৰু চৰকাৰৰ মালিকানাধীন হোৱাৰ পিছত উপাসনাস্থলী প্ৰকৃততে আৰু সক্ৰিয়ভাৱে ধৰ্মীয় সেৱাৰ বাবে ব্যৱহাৰ কৰিব লাগিব বুলি দাবী তোলা অৰ্থহীন।

অসামৰিক ন্যায়াধীশ নেহা শৰ্মাই কয়, “ভাৰতৰ সাংস্কৃতিকভাৱে সমৃদ্ধ ইতিহাস আছিল। ইয়াত অসংখ্য ৰাজবংশৰ দ্বাৰা শাসন কৰা হৈছে। কোনোৱে অস্বীকাৰ কৰা নাই যে অতীতত অন্যায় কৰা হৈছিল, কিন্তু এনে ধৰণৰ অন্যায় আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ শান্তি বিঘ্নিত কৰাৰ আধাৰ হ’ব নোৱাৰে।”