NORTHEAST NOW (Assamese)
অসম

ক’ভিড-১৯: আৰ্থিক সংকট প্ৰশমনৰ বাবে ব্যয় সংকোচন নীতি গ্ৰহণ অসম চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2020 7:42 pm
COVID-19: Assam announces austerity measures to mitigate economic crisis

অসম চৰকাৰে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত আৰ্থিক সংকট প্ৰশমনৰ বাবে ব্যয় সংকোচনৰ নীতি গ্ৰহণ কৰিছে।

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰে ব্যয় সংকোচনৰ নীতি গ্ৰহণ কৰিব বুলি শেহতীয়াকৈ উল্লেখ কৰিছিল।

অসমৰ বিত্ত বিভাগে এই সন্দৰ্ভত তলত দিয়া নিৰ্দেশনাসমূহ বুধবাৰৰ পৰা তৎকালে কাৰ্য্যকৰী হোৱাকৈ জাৰি কৰিছে।

এছ অ’ পি ডি (State owned priority development) আঁচনিসমূহৰ প্ৰশাসনিক অনুমোদন আৰু বিত্তীয় মঞ্জুৰী দিয়াৰ ক্ষেত্ৰত প্ৰশাসনীয় বিভাগসমূহ/ বিভাগৰ মুৰব্বীসকলক দিয়া অনুমোদনৰ ক্ষমতা বাতিল কৰা হৈছে।

এই সন্দৰ্ভত প্ৰয়োজন হ’লে বিভাগসমূহে বিত্ত বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰিব।

কাৰ্য্যালয়ৰ খৰচৰ ক্ষেত্ৰতো ব্যয় সংকোচন কৰা হৈছে। এতিয়াৰে মুঠ বাজেটৰ কেৱল ১০ শতাংশহে ইয়াৰ বাবদ খৰচৰ অনুমতি দিয়া হ’ব।

বিভিন্ন খণ্ডৰ ঔদ্যোগিক ৰেহাই, ভৰ্তুকি আৰু ইনচেনটিভসমূহৰ সকলো ব্যয় পুনৰ নিৰ্দেশ নিদিয়া পৰ্য্যন্ত বাতিল কৰা হৈছে।

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম চাৰিমাহত উদ্যোগসমূহক জি এছ টি পৰিশোধৰ অনুমতি দিয়া নহ’ব।

এম্বুলেন্স আৰু আৰক্ষীৰ কৰ্তব্যৰ বাবে প্ৰয়োজনীয় বাহনৰ বাহিৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়াপৰ্য্যন্ত যানবাহন ক্ৰয় নিষিদ্ধ কৰা হৈছে। এইক্ষেত্ৰতো মুখ্য মন্ত্ৰীৰ অনুমোদন অনুযায়ীহে অনুমতি দিয়া হ’ব।

সন্মিলন/ ছেমিনাৰ/ কৰ্মশালা/ মেলা আৰু অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত মিতব্যয়িতা বজাই ৰাখিব লাগিব।

এই অনুষ্ঠানসমূহ ফিজিকেল ম’ডত প্ৰথম চাৰিমাহত সম্পূৰ্ণ বন্ধ থাকিব। পঞ্চতাৰকা হোটেলত সভা আৰু সন্মিলন কৰাৰ ওপৰত এক নিষেধাজ্ঞা থাকিব।

অসমৰ ৰাজ্যপাল, মুখ্য মন্ত্ৰী, মুখ্য ন্যায়াধীশ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশসকল আৰু অসমৰ মুখ্য সচিবৰ বাহিৰে এক্জিকিউটিভ ক্লাছৰ অনুমতি দিয়া নহ’ব।

ৰাজ্যিক অতিথিক পঞ্চতাৰকা হোটেলৰ সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত সাধাৰণ প্ৰশাসন বিভাগে  বিশিষ্ট অতিথিসকলক ৰাজ্যিক অতিথিৰূপে ঘোষণাত বিবেচনা প্ৰয়োগ কৰিব আৰু সকলো নিয়ম বজাই চলিব।

দেশৰ বাহিৰত হ’ব লগা কোনো পাঠ্যক্ৰম/ কৰ্মশালা/ ছেমিনাৰৰ বাবে অসম চৰকাৰে ব্যয় বহন কৰিব লগা হ’লে কোনো বিষয়াকে তাত ভাগ লোৱাৰ অনুমতি দিয়া নহ’ব।

সকলো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান/ নিগম/ ব’ৰ্ডৰ সঞ্চালক আৰু উপ সঞ্চালকসকলৰ পৰিশ্ৰামিক ১ মে’, ২০২০ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ২৫ শতাংশ হ্ৰাস কৰা হ’ব।

বিধায়কসকলৰ স্থানীয় এলেকা উন্নয়ন পুঁজি চলিত বিত্তীয় বৰ্ষৰ প্ৰথম চাৰিটা মাহ বা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত বাতিল থাকিব।