NORTHEAST NOW (Assamese)

৫০০০০ পিপিই কিট আহিল, চীনৰ পৰা নিজাকৈ আমদানি কৰা দেশৰ প্ৰথম ৰাজ্য অসম

April 15, 2020 9:22 pm · কল্পজ্যোতি শইকীয়া
Updated: April 15, 2020 9:30 pm

অসমে ক’ভিড-১৯ৰ মোকাবিলাৰ বাবে চীনৰ পৰা নিজাববীয়াকৈ আমদানি কৰা ৫০,০০০ পিপিই কিট বুধবাৰে সন্ধিয়া গুৱাহাটীত আহি পাইছে।

ক’ভিড-১৯ৰ মোকাবিলাৰ বাবে নিজাববীয়া উদ্যোগত চীনৰ পৰা পিপিই কিট আমদানি কৰা অসমেই দেশৰ প্ৰথমখন ৰাজ্য।

মহামাৰী ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সৈতে মোকাবিলাত সংক্ৰমণৰ পৰা বাচি থকাৰ বাবে চিকিৎসক, স্বাস্থ্য কৰ্মীৰ বাবে এই পিপিই কিট অপৰিহাৰ্য্য।

চীনৰ গুৱাংজৌৰ পৰা মালবাহী বিমানযোগে অহা পিপিই কিটখিনি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত গ্ৰহণ কৰে।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে এইখিনিৰ জৰিয়তে অসমত পিপিই কিটৰ সংখ্যা ডেৰলাখলৈ বৃদ্ধি পালে।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বুধবাৰে সন্ধিয়া এক সংবাদমেলত সদৰী কৰা মতে অসমৰ চিকিৎসক, স্বাস্থ্য কৰ্মীসকলে অহা চাৰি-পাঁচ মাহলৈকে এই পিপিই কিটখিনিৰ ব্যৱহাৰ কৰিব পাৰিব।

ইফালে অসমত দুগৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী বুধবাৰে সম্পূৰ্ণৰূপে সুস্থ হৈছে।

জোনাব আলি (৪৬) আৰু নুৰুদ্দিন আলি (৫৫) নামৰ লোক দুজনক বুধবাৰে সন্ধিয়া চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

দুয়োগৰাকী ৰোগীক সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুস্থ ব্যক্তি দুগৰাকীৰ উপস্থিতিত আয়োজিত সংবাদমেলত এই কথা সদৰী কৰে।

বৃহস্পতিবাৰে গোৱালপাৰাতো তিনিগৰাকী ৰোগীক মুকলি কৰিব পৰা যাব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

২০ এপ্ৰিলৰ ভিতৰত আৰু বহুকেইগৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা মুকলি কৰিব পৰা হ’ব বুলি সংবাদমেলত স্বাস্থ্য মন্ত্ৰী শৰ্মাই উল্লেখ কৰে।

দুগৰাকী ৰোগী সুস্থ হৈ উঠাৰ ফলত অসমত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ২৯লৈ হ্ৰাস পালে। আক্ৰান্ত এজনৰ ইতিমধ্যে মৃত্যু হৈছে।

Related News