NORTHEAST NOW (Assamese)
অসম

দেশত এদিনতে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৬৪ হাজাৰৰো অধিক লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 9, 2020 12:30 pm
coronavirus-750x375

ভাৰতত বতাহৰ গতিৰে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা।

মাত্ৰ এটা দিনৰ ভিতৰতে ভাৰতত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৬৮,৩৯৯ গৰাকী।

২৪ ঘণ্টাত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৮৬১ গৰাকী লোকৰ।

আগষ্ট মাহত বিশ্বৰ আন দেশৰ তুলনাত ভাৰতত সৰ্বাধিক হাৰত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ দিশৰ পৰা ভাৰত এতিয়াও বিশ্বৰ তৃতীয় স্থানতে আছে।

এই মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈ দেশত এতিয়ালৈকে মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৪৩,৩৭৯ গৰাকী।

সৰ্বমুঠ ২১,৫৩,০১১ গৰাকী লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।

তেওঁলোকৰ মাজৰে ১৪,৮০,৮৮৫ গৰাকী লোকে এই ভাইৰাছ বিধত আক্ৰান্ত হোৱাৰ পিছত ৰোগমুক্ত হবলৈ সক্ষম হৈছে।

দেশত এতিয়া থকা ক’ৰ’ণা এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৬,২৮,৭৪৭ গৰাকী ।