NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত সপ্তম গৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 12, 2020 3:53 pm
COVID19: 2772 persons discharged in Assam on Thursday

ক’ৰ’নাত আক্ৰান্ত হৈ অসমত সপ্তমগৰাকী লোকৰ মৃত্যু ঘটিছে।

মৃত মহিলাগৰাকীৰ নাম মংগুলীৰাণী দাস(৫৭)। মহিলাগৰাকীৰ ঘৰ হাইলাকান্দিত বুলি জানিব পৰা গৈছে।

মহিলাগৰাকী কৰ্কটৰোগত আক্ৰান্ত হৈ আছিল আৰু দিল্লীৰ পৰা শিলছৰত আহি উপস্থিত হোৱাৰ পাছতে মহিলাগৰাকীৰ শৰীৰত কোভিড-১৯-ৰ উপস্থিতি ধৰা পৰিছিল।

তাৰ পাছতে দাসক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল।

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিত্সাধীন হৈ থকা অৱস্থাতে আজি দুপৰীয়া ভাগত মহিলাগৰাকীৰ মৃত্যু হয়।

ৰাজহ চক্ৰ বিষয়া আৰু হাইলাকান্দি জিলা প্ৰশাসনৰ উপস্থিতিত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব মৃত মহিলাগৰাকীৰ।

বুধবাৰে ৰাজ্যত ষষ্ঠগৰাকী কোভিড-১৯ আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছিল। তেওঁৰ নাম কমল কৃষ্ণ পাল আৰু ঘৰ তেজপুৰত আছিল।

উল্লেখযোগ্য যে, ৰাজ্যত মুঠ ৩৪৩০ গৰাকী লোক বৰ্তমানলৈকে আক্ৰান্ত হোৱাৰ লগতে ১৯৮৯ গৰাকী চিকিৎসাধীন হৈ আছে। ১৪৩২ গৰাকী লোক ৰাজ্যত ক’ৰ’নামুক্ত হৈছে।