NORTHEAST NOW (Assamese)
অসম

বজাৰত শীঘ্ৰে উপলব্ধ হ’ব দেশীয় ভাবে প্ৰস্তুত কোভিড পৰীক্ষাৰ কিট ‘ফেলুদা’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 21, 2020 3:11 pm
feluda

ভাৰতৰ বজাৰত শীঘ্ৰে উপলব্ধে হ’ব দেশীয় ভাবে প্ৰস্তুত কৰা কোভিড পৰীক্ষাৰ পদ্ধতি ‘ফেলুদা’।

আজি কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ এগৰাকী মুখপাত্ৰই এই কথা প্ৰকাশ কৰে। মুখপাত্ৰগৰাকীৰ মতে অহা মাহৰ পৰাই বজাৰত পোৱা যাব ফেলুদা কিট।

ভাৰত চৰকাৰেও ‘ফেলুদা’ক কোভিড পৰীক্ষা কৰাৰ অনুমতি দিছে।

‘ফেলুদা’ই কৰা কোভিড পৰীক্ষা নিঁখুত হোৱাৰ লগতে খৰচো পৰিব কম।

ভাৰতৰ ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেলে ‘ফেলুদা’ক কোভিড পৰীক্ষাৰ অনুমতি দিয়াৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত ‘ফেলুদা’ৰ জৰিয়তে কোভিডৰ পৰীক্ষণ আৰম্ভ কৰা হৈছিল।

লক্ষ্যণীয় কথাটো হ’ল ‘ফেলুদা’ই কৰা কোভিড পৰীক্ষাই হ’ব বিশ্বৰ এনে প্ৰথম পৰীক্ষা য’ত ক’ৰ’ণা ভাইৰাছৰ জেনেটিক গঠনৰ কথাও জানিব পৰা যাব।

দৰাচলতে ‘ফেলুদা’ হৈছে ভাৰতত দেশীয় ভাবে উদ্ভাৱন কৰা কোভিড পৰীক্ষাৰ পদ্ধতি।

Tata CRISPR-এ উদ্ভাৱন কৰা কোভিড পৰীক্ষাৰ এই পদ্ধতিৰ প্ৰতি ভাৰতৰ কাউন্সিল অৱ ইণ্ডাষ্ট্ৰীয়েল ৰিছাৰ্চে অনুমোদন জনাইছে।

‘ফেলুদা’ নাম দিয়া এই পদ্ধতিয়ে দেশত প্ৰচলিত RT-PCR পৰীক্ষাতকৈ সোনকালে পৰীক্ষাৰ ফলাফল দিব পাৰিব আৰু এই ফলাফল RT-PCR পৰীক্ষাতকৈও অধিক নিঁখুত হ’ব বুলি কোৱা হৈছে।

বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বহু বছৰ ধৰি Tata CRISPR-এ চেষ্টা অব্যাহত ৰাখিছে।

প্ৰতিষ্ঠানটোৱে উদ্ভাৱন কৰা কোভিড পৰীক্ষাৰ পদ্ধতিয়ে ক’ৰ’ণা ভাইৰাছৰ চৰিত্ৰ নিৰূপণতো সহায় কৰিব বুলি টাটাৰ বিষয়া গিৰীশ কৃষ্ণমূৰ্তিয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য ‘ফেলুদা’ হৈছে এক জনপ্ৰিয় কাৰ্টুন ছিৰিজৰো নাম।