NORTHEAST NOW (Assamese)
Popular Stories

স্পেনিছ গাৰ্ডেনৰ মনীষ তীব্ৰেৱালৰ লগতে অন্য চাৰিজন কোভিদ ৰোগীক চিকিৎসালয়ৰ পৰা মুক্তি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 19, 2020 6:09 pm
Himanta-Biswa-Sarma-750x375

আজি চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে স্পেনিছ গাৰ্ডেনৰ মনীষ তীব্ৰেৱালৰ লগতে অন্য চাৰিজন কোভিদ১৯ আক্ৰান্ত ৰোগীক।

জিএমছিএইছত চিকিৎসাধীন হৈ থকা মনীষ তীব্ৰেৱাল(৪৬)ক আজি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত চিকিৎসালয় কতৃপক্ষই বিদায় দিয়ে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিতিত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

তীব্ৰেৱাল যোৱা ১ এপ্ৰিলত চিকিৎসালয়ত ভৰ্তি হৈছিল। পাঁচদিনৰ ভিতৰত তেওঁক দুবাৰকৈ কোভিদ-১৯ পৰীক্ষা কৰা হৈছিল। ৮ এপ্ৰিল ৯ এপ্ৰিল ১৭ এপ্ৰিলত আৰু ১৮ এপ্ৰিলৰ পৰীক্ষাত তেওঁক নিগেটিভ পোৱা গৈছিল।

আজিও বিদায় দিয়াৰ পূৰ্বে তেওঁক পৰীক্ষা কৰা হৈছিল আৰু মন্ত্ৰীগৰাকীয়ে নিগেটিভ পোৱা গ’ল বুলি জানিবলৈ দিয়ে। বুকুৰ এক্সৰে ৰিপৰ্টো নৰ্মেল বুলি চিকিৎসকে জানিবলৈ দিয়ে।

অৱশ্যে তীব্ৰেৱালক স্বাস্থ্য বিভাগৰ নীৰিক্ষণতে ৰখা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জনায়। স্পেনিছ গাৰ্ডেনৰ কনটেইনমেন্ট জ’ন উঠাই লোৱাৰ লগে লগে তেওঁ ঘৰলৈ যাব পাৰিব।

বৰ্তমান তীব্ৰেৱাল জিএমএইছৰ পেয়িং কেবিনত থাকিব বুলি জানিব পৰা গৈছে।

আৰোগ্য লাভ কৰা মনীষ তীব্ৰেৱাল

আনহাতে, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰাও চাৰিজন ৰোগী ক্ৰমে আশ্ৰফ আলি(হাত শিঙিমাৰী), মহম্মদ শ্বাহৰুখ, জামিলা খাতুন, মফিজ উদ্দিনক চিকিৎ,আলৰ পৰা বিদায় দিয়া হৈছে।

ৰোগীকেইজনৰ ১০ এপ্ৰিল, ১১ এপ্ৰিল, ১৬ এপ্ৰিল, ১৭ এপ্ৰিলত আৰু ১৮ এপ্ৰিলত পৰীক্ষাৰ ৰিপৰ্ট  নিগেটিভ ওলোৱা বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়। ৰোগীকেইজনৰ এক্সৰে ৰিপৰ্ট নৰ্মেল আছে তথা ব্লাড চেম্পলতো কোনোধৰণৰ বিসংগতি নাই। সেয়েহে তেওঁলোকক আজি বিদায় দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

অৱশ্যে তীব্ৰেৱালৰ দৰে তেওঁলোকো ১৪ দিন স্বাস্থ্য বিভাগৰ নিৰীক্ষণত থাকিব।

উল্লেখযোগ্য যে, অসমত ৩৪ গৰাকী ৰোগীৰ ১ গৰাকীৰ মৃত্যু হৈছে। কালিলৈকে ১২ গৰাকীক ৰিলিজ দিয়া হৈছিল। বৰ্তমান ১৭ গৰাকী আৰোগ্য হৈ উঠিছে।

কাইলৈ লখিমপুৰ আৰু সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা দুজন ৰোগীক মুক্তি দিয়াৰ সম্ভাৱনাৰ কথা মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।