NORTHEAST NOW (Assamese)

এদিনতে ক’ৰ’ণাত আক্ৰান্ত প্ৰায় ৩৩ হাজাৰ লোক, নৱেম্বৰত স্পৰ্শ কৰিব কোটিৰ ঘৰ!

July 16, 2020 6:24 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

লক ডাউন, সামাজিক দূৰত্ব, মাস্ক পৰিধান কোনো ব্যৱস্থাই এতিয়া দেশত ক’ৰ’ণা ভাইৰাছৰ মহাসংক্ৰমণ ৰোধ কৰিব পৰা নাই।

বতাহৰ বেগেৰে ক’ৰ’ণা ভাইৰাছ বিয়পি পৰিছে দেশৰ চুকে-কোণে। উদ্বেগজনক কথাটো হ’ল দেশত নিতৌ ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা কমক চাৰি বাঢ়িহে গৈছে।

বুধবাৰৰ তুলনাত বৃহস্পতি বাৰে ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পায়।

যোৱা ২৪ ঘন্টাত দেশত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৩২হাজাৰ৬৯৫ গৰাকী। এই সময়ছোৱাত মৃত্যু ঘটিছে ৬০৬ গৰাকী লোকৰ।

দেশত ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে ৯,৬৮,৮৭৬ গৰাকী।

এতিয়ালৈকে মৃত্যু ঘটিছে ২৪,৯১৫ গৰাকী লোকৰ।

ক’ৰ’ণা ভাইৰাছ সংক্ৰমণৰ এই গতি যদি অব্যাহত থাকে তেন্তে চলিত বৰ্ষৰ ১ ছেপ্তেম্বৰৰ ভিতৰত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় ২০ লাখ হ’ব বুলি আশংকা ব্যক্ত কৰিছে বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সে।

প্ৰতিষ্ঠানটোৱে আশংকা কৰা অনুসৰি যদি বৰ্তমানৰ হাৰত লোক ক’ৰ’ণাত আক্ৰান্ত হ’য় তেন্তে ১ ছেপ্তেম্বৰৰ ভিতৰত মৃত্যু ঘটিব প্ৰায় ৮৮ হাজাৰ লোকৰ।

ক’ৰ’ণাৰ সংক্ৰমণ প্ৰতিহত নহ’লে নৱেম্বৰ মাহৰ ভিতৰত দেশত ক’ৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় ১ কোটি ২০ লাখ হ’ব আৰু মৃত্যু ঘটিব প্ৰায় ১০ লাখ লোকৰ।

Related News