NORTHEAST NOW (Assamese)
অসম

ক’ভিড-১৯: মৰিগাঁৱৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ নমুনা নিগেটিভ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 17, 2020 10:20 pm
2579 persons test Covid19 positive in Assam on Tuesday

এটা ভাল খবৰ। মৰিগাঁৱৰ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ দেহত ধৰা পৰা নাই ক’ভিড-১৯ ভাইৰাছ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনাইছে এই কথা।

মৰিগাঁৱৰ ক’ভিড-১৯ আক্ৰান্তৰ সংস্পৰ্শলৈ অহাৰ বাবে উপায়ুক্ত ঋতুৰাজ বৰা আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক কুৱাৰেণ্টাইন কৰা হৈছিল।

কিন্তু আজি প্ৰথম পৰীক্ষাত নিগেটিভ আহে দুয়োজনৰে।

উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপৰি জিলাখনৰ একাংশ সাংবাদিককো কুৱাৰেণ্টাইনত ৰখা হৈছিল।

কিন্তু বৰ্তমানলৈকে সাংবাদিককেইজনৰ পৰীক্ষাৰ ফলাফল আমাৰ হাতত আহি পৰাহি নাই।

ইফালে ক’ভিড-১৯ত আক্ৰান্ত অসমৰ চাৰিজন ব্যক্তিক শুকুৰবাৰে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে।

গোলাঘাট জিলাৰ চাৰিগৰাকী ব্যক্তিক ধৰি অসমত এতিয়ালৈকে নগৰাকী ব্যক্তিয়ে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিলে।

ইয়াৰ পূৰ্বে যোৱা দুদিনত সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা দুগৰাকী আৰু গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ পৰা তিনিজন সুস্থ ব্যক্তিক যাবলৈ দিয়া হৈছিল।

অসমত ক’ভিড-১৯ আক্ৰান্ত এজন ব্যক্তিৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে।

অসমত মুঠ ৩৪ গৰাকী ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছিল। বৰ্তমান ৰাজ্যত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা ২৪ গৰাকী।