NORTHEAST NOW (Assamese)
অসম

১৫৬ টকাত কৰ’না কেয়াৰ বীমা ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 1, 2020 6:49 pm
Coronavirus: Number of confirmed cases crosses 150 in India; Maharashtra worst hit

ডিজিটেল পেমেণ্ট কোম্পানি ফোনপেই (PhonePe) বাজাজ আলিয়াঞ্জ জেনেৰেল ইনচুৰেন্সৰ সৈতে লগ লাগি কৰ’না কেয়াৰ নামৰ এক বীমা আঁচনি মুকলি কৰিছে।

১৫৬ টকা মূল্যৰ এই বীমাই COVID-19ৰ চিকিৎসাৰ ক্ষেত্ৰত ৫০০০০ টকাৰ সুৰক্ষা আগবঢ়াব।

কিন্তু এই বীমা গ্ৰহণৰ বাবে ব্যক্তিজনৰ বয়স ৫৫ বছৰৰ তলৰ হ’ব লাগিব।

COVID-19ৰ চিকিৎসা আগবঢ়োৱা যিকোনো চিকিৎসালয়তে কৰা চিকিৎসাক এই বীমাই সামৰি ল’ব।

এই বীমা কৰাৰ বাবে আগতীয়া কোনো স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজন নাই।

ফোনপে আপৰ মাই মানি অংশত গৈ গ্ৰাহকে অনলাইনযোগে এই বীমা ক্ৰয় কৰিব পাৰিব।

কোম্পানিটোৱে সদৰী কৰা মতে গোটেই প্ৰক্ৰিয়াটো মাত্ৰ দুই মিনিটৰ ভিতৰতে সম্পূৰ্ণ কৰিব পাৰি আৰু পলিচি ডকুমেণ্ট ফোনপে এপত লগে লগে জাৰি কৰা হয়।