NORTHEAST NOW (Assamese)
অসম

অসমত ৩৫২লৈ বৃদ্ধি ক’ভিড-১৯ পজিটিভ, নতুনকৈ দুজন চিনাক্ত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 24, 2020 5:47 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

আৰু দুগৰাকী লোক দেওবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে আৰু ৰাজ্যত মুঠ আক্ৰান্ত ৩৫২লৈ বৃদ্ধি পাইছে।

আক্ৰান্ত লোক দুজন সৰুসজাই কুৱাৰেন্টাইন চেণ্টাৰত আছিল। ইয়াৰে এজন নগাওঁ, আনজন হোজাইৰ।

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

বৰ্তমান ২৮৮ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৫৭ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে৷

কিছুসময় ৪ গৰাকীৰ দেহত ধৰা পৰিছিল ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ২ গৰাকী তেজপুৰ কুৱাৰেন্টাইন চেণ্টাৰত থকা চিৰাং জিলাৰ। অন্য দুগৰাকী যোৰহাটৰ যাৰ চেন্নাইৰ পৰা অহা ট্ৰেভেল হিষ্টৰী আছে।

কালিৰ দিনটোত দিনটোত ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।

পৰহিৰ দিনটোত ৰাজ্যত একেলগে সৰ্বাধিক ৪৯ গৰাকী লোকৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছ।

২২ মে’ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত পাঁচদিনৰ ভিতৰত দুই শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ২৯১ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।