NORTHEAST NOW (Assamese)
অসম

৫০০০ৰ দিশে অসমত ক’ভিড আক্ৰান্ত, দিনটোত চিনাক্ত ২১০

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 19, 2020 12:05 am
2579 persons test Covid19 positive in Assam on Tuesday

৪৩গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত মুঠ আক্ৰান্ত বৃহস্পতিবাৰে ৪৯০৪লৈ বৃদ্ধি পাইছে।

নতুনকৈ চিনাক্তসকলৰ মাজত আছে ২০গৰাকী কামৰূপ (মেট্ৰো), আঠগৰাকী নগাওঁ, ছগৰাকী ওদালগুৰি, কাছাৰ তিনিগৰাকী, মাজুলী তিনিগৰাকী, দুগৰাকী শোণিতপুৰ আৰু এগৰাকী লখিমপুৰ জিলাৰ।

বৃহস্পতিবাৰৰ দিনটোত অসমত চিনাক্ত হৈছে ২১০গৰাকী ক’ভিড আক্ৰান্ত।

অসমত ২৮৪৮জন ব্যক্তি এইপৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২০৪৪ জন।

অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে নগৰাকী লোকৰ মৃত্যু ঘটিছে। তিনিজন লোক স্থানান্তৰিত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

আজিৰ দিনটোত কিছু সময় পূৰ্বে ৮৪ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

আক্ৰান্তসকলৰ ভিতৰত ২৫ গৰাকী মিছামাৰী মিলিটেৰী কেম্প, ১৬ গৰাকী কামৰূপ(মেট্ৰো), হাইলাকান্দিৰ ১৪ গৰাকী, কৰিমগঞ্জৰ ১৩ গৰাকী, তেজপুৰৰ আঠগৰাকী, পাঁচ গৰাকী নগাওঁ, দুগৰাকী লখিমপুৰ, এগৰাকী গোলাঘাটৰ আছিল।

তাৰ ঠিক কিছু সময় পূৰ্বে ৮২ গৰাকী লোকৰ দেহত ধৰা পৰিছিল কোভিড-১৯ পজিটিভ।

আক্ৰান্ত সকলৰ ভিতৰত বাক্সাৰ ২২ গৰাকী, ১৪ কাৰ্বি আংলং, ১১ গৰাকী চিৰাং, ৮ গৰাকী ডিব্ৰুগড়, ৭ গৰাকী ধুবুৰীৰ, ৫ গৰাকী গোলাঘাটৰ, ২ গৰাকী শিৱসাগৰৰ, ২ গৰাকী নগাঁৱৰ, ২ গৰাকী বৰপেটাৰ, কামৰূপ মেট্ৰৰ ২ গৰাকী, কোকৰাঝাৰ, বিশ্বনাথ, নলবাৰী, চৰাইদেউ, তিনিচুকীয়া আৰু ধেমাজিৰ এগৰাকীকৈ লোক আক্ৰান্ত হৈছিল।

উল্লেখ্য যে বুধবাৰৰ দিনটোত সৰ্বমুঠ ১৮৪ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

মঙলবাৰৰ দিনটোত মুঠ ২০১ গৰাকী লোক ৰাজ্যত ক’ৰ’ণাত আক্ৰান্ত হৈছে।

সোমবাৰৰ দিনা অসমত মুঠ ১৯১জন ব্যক্তিৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

দেওবাৰৰ দিনটোত মুঠতে ২১৮ জন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছিল।