NORTHEAST NOW (Assamese)

আঠশৰ দিশে অসমত ক’ভিড-১৯ আক্ৰান্ত, বুধবাৰে চিনাক্ত ১০১

May 28, 2020 12:01 am · কল্পজ্যোতি শইকীয়া

আৰু নগৰাকী ব্যক্তি বুধবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্ত ৭৮৩লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ চিনাক্তসকলৰ মাজত আছে হোজাইৰ পাঁচগৰাকী আৰু নগাওঁ, মৰিগাওঁ, কামৰূপ মহানগৰ আৰু যোৰহাটৰ এগৰাকীকৈ।

ইয়াকে লৈ বুধবাৰৰ দিনটোত অসমত ১০১গৰাকী ক’ভিড-১৯ আক্ৰান্ত নতুনকৈ চিনাক্ত হৈছে।

টুইটাৰযোগে এই তথ্য সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কিছু সময় পূৰ্বে একেলগে ৬০ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছিল মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

ইয়াৰে ৪১ গৰাকী কামৰূপ মেট্ৰো, ৯ গৰাকী হোজাই,  ৫ গৰাকী মৰিগাঁও আৰু এগৰাকী কামৰূপ(গ্ৰা)।

তাৰ ঠিক কিছুসময় পূৰ্বে  চৰাইদেউ জিলা ৯ টা আৰু শিৱসাগৰ জিলাত এটা পজিটিভ কেচ পোৱা গৈছিল।

ইয়াৰোপৰি আজিৰ দিনটোত  ১৮ গৰাকী লোকৰ  দেহত ধৰা পৰিছিল মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ এগৰাকী কামৰূপ মেট্ৰৰ প্ৰথমগৰাকী বিমান যাত্ৰী, তেওঁ আহমেদাবাদৰ পৰা গুৱাহাটীত পৰহি আহি উপস্থিত হৈছিলহি। বাকী ১৪ গৰাকী গোলাঘাট, ২গৰাকী কাৰ্বিআংলং, এগৰাকী লখিমপুৰৰ।

তাৰ ঠিক কিছুসময় পূৰ্বে  ৪ গৰাকীৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল। আক্ৰান্ত সকলৰ ৩ গৰাকী নগাওঁ আৰু এগৰাকী ধেমাজিৰ।

কালিৰ দিনটোত ১৩৪ গৰাকী লোক আক্ৰান্ত হৈছিল।

বৰ্তমান ৬৮৯ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৮৭ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

উল্লেখযোগ্য যে, যোৱা ২৫ মেত ৰাজ্যত ১৫৬  গৰাকী লোক কোভিড-১৯ পজিটিভ ত আক্ৰান্ত হৈছিল।

যোৱা ২৪ মে’ত ৩২ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ২৩ মে দিনা ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।

২২ মে” ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত এসপ্তাহৰ ভিতৰত চাৰি শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ৭১০ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Related News