NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰপতিৰ পৰা সাংসদলৈকে এবছৰ কৰ্তন হ’ব দৰমহা, নাথাকিব সাংসদ পুঁজিৰ ধন

April 6, 2020 5:39 pm · এন ই নাও নিউজ
Updated: April 6, 2020 5:46 pm
প্ৰধান মন্ত্ৰী মোদীৰ ফাইল ফটো

কৰ’নাভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ মোকাবিলাৰ বাবে দেশৰ সকলো সাংসদ আৰু মন্ত্ৰীৰ দৰমহা এবছৰলৈকে ৩০ শতাংশকৈ কৰ্তন কৰা হ’ব।

 

দৰমহাৰ লগতে সাংসদৰ পেঞ্চন আৰু ভাত্তাৰ ক্ষেত্ৰতো ৩০ শতাংশ কৰ্তন কৰা হ’ব।

 

অহা দুবছৰলৈকে সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ধন নাথাকিব আৰু এই ধন চৰকাৰৰ ঘৰত জমা হ’ব।

 

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে সোমবাৰে এই সম্বন্ধীয় এক অধ্যাদেশত অনুমোদন জনাইছে।

 

দেশৰ ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালসকলেও দৰমহাৰ ৩০ শতাংশ কৰ্তনৰ বাবে আগবঢ়াইছে।

 

ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালসকলে স্বেচ্ছাই নিজৰ দৰমহা কৰ্তনৰ বাবে আগবঢ়াইছে।

 

সংসদৰ সদস্য আইন, ১৯৫৪ৰ সংশোধনৰ জৰিয়তে গ্ৰহণ কৰা এই সিদ্ধান্ত যোৱা ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব।

 

কেবিনেট বৈঠকৰ পিছতে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভাডেকাৰে এই তথ্য সদৰী কৰে।

 

২০২০-২১ আৰু ২০২১-২২ দুটা বৰ্ষৰ বাবে সাংসদসকলৰ উন্নয়ন পুঁজি কৰ্তনৰ ফলত চৰকাৰৰ পুঁজিত প্ৰায় ৭৯০০ কোটি টকা জমা হ’ব।

ইতিমধ্যে বিভিন্ন ৰাজ্য চৰকাৰসমূহেও মন্ত্ৰী, বিধায়ক, জন প্ৰতিনিধিৰ দৰমহাৰ ক্ষেত্ৰত বিভিন্ন সংশোধন আনিছে।

Related News