NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছ: প্ৰথমবাৰলৈ মহামাৰীৰ বাবে বাতিল হ’ল উইম্বলডন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 1, 2020 11:12 pm
COVID-19: Wimbledon cancelled

কৰ’নাভাইৰাছ মহামাৰীৰ বাবে সম্পূৰ্ণ এবছৰলৈ বাতিল কৰা হৈছে ২০২০ বৰ্ষৰ উইম্বলডন প্ৰতিযোগিতা।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে উইম্বলডন বাতিলৰ এই ঘটনা ঘটিছে।

এখন জৰুৰী সভাৰ পিছত অল ইংলেণ্ড লন টেনিছ ক্লাবে এই কথা ঘোষণা কৰিছে।

ক্লাবটোৰ সেউজ ক’ৰ্টত অহা ২৯ জুনৰ পৰা ১২ জুলাইলৈকে প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ কথা আছিল।

নতুন ঘোষণা অনুসৰি ২০২১ চনৰ ২৮ জুনৰ পৰা ১১ জুলাইলৈকে ১৩৪ সংখ্যক প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।

“কৰ’নাভাইৰাছ সম্পৰ্কীয় জনস্বাস্থ্য উদ্বেগৰ কাৰণে AELTCএ আজি গভীৰ অনুতাপেৰে সৈতে সিদ্ধান্ত কৰিছে যে ২০২০ৰ প্ৰতিযোগিতাখন বাতিল কৰা হ’ব,” ক্লাবৰ বিবৃতিত প্ৰকাশ।

১৮৭৭ চনত উইম্বলডন প্ৰথম আৰম্ভ হৈছিল আৰু তেতিয়াৰে পৰা এইবাৰকে ধৰি তিনিবাৰক বাদ দি প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে।

১৯১৫-১৮ চনত প্ৰথম বিশ্বযুদ্ধ আৰু ১৯৪০-৪৫ চনৰ সময়চোৱাত দ্বিতীয় বিশ্বযুদ্ধৰ বাবে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল।

কিন্তু মহামাৰীৰ বাবে উইম্বলডন বাতিল হোৱাৰ এইটোৱেই প্ৰথম ঘটনা।