NORTHEAST NOW (Assamese)
অসম

দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৫৭ লাখৰ ঘৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 24, 2020 12:28 pm

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৮৬,৫০৮ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

বুধবাৰৰ দিনটোত ভাৰতত নতুনকৈ ৮৬,৫০৮ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পাছত ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৫৭,৩২,৫১৯ গৰাকীলৈ বৃদ্ধি পাইছে।

ইয়াৰ উপৰি বিগত ২৪ ঘণ্টাত ১,১২৯ গৰাকী লোকে ক’ৰ’নাৰ ফলত প্ৰাণ হেৰুৱাইছে।

দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা বুধবাৰে এই কথা প্ৰকাশ কৰে।

আনহাতে, ভাৰতত বৰ্তমানলৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯১,১৪৯ গৰাকীলৈ বৃদ্ধি পাইছে।

এতিয়ালৈ ক’ৰ’না আক্ৰান্ত হোৱা মুঠ ৫৬,৪৬,০১১ গৰাকী লোকৰ ভিতৰত ৪৬,৭৪,৯৮৭ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতিছে।

আনহাতে বৰ্তমান দেশৰ বিভিন্ন চিকিৎসালয়ত আৰু হোম আইছ’লেশ্যনত ৯,৬৬,৩৮২গৰাকী সক্ৰিয় ক’ভিড ৰোগী আছে।

ইফালে আই চি এম আৰে প্ৰকাশ কৰা অনুসৰি ২৩ ছেপ্তেম্বৰলৈকে দেশত ৬,৭৪,৩৬,০৩১ গৰাকী লোকৰ ক’ৰ’নাৰ টেষ্ট সম্পন্ন কৰা হৈছে। ইয়াৰে ১১,৫৬,৫৬৯ গৰাকী লোকৰ টেষ্ট বুধবাৰে কৰা হৈছে।