NORTHEAST NOW (Assamese)

ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৬৯ লাখ অতিক্ৰম, ১,০৬,৪৯০ গৰাকীলৈ বৃদ্ধি মৃত্যুৰ সংখ্যা

October 9, 2020 12:36 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

চীনৰ পৰা সংক্ৰমিত হোৱা মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰ হ্ৰাস নোপোৱাৰ বাবে এতিয়া দেশবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ এই ভাইৰাছবিধৰ কৱলত পৰিছে।

দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত অৰ্থাৎ বৃহস্পতিবাৰৰ পুৱা ৮ বজাৰ পৰা শুকুৰবাৰৰ পুৱা ৮ বজালৈকে দেশত

৭০,৪৯৬ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে।

দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ৬৯,০৬,১৫১ গৰাকীলৈ বৃদ্ধি পালে।

আনহাতে, এই মহামাৰী ভাইৰাছৰ ফলত যোৱা ২৪ ঘণ্টাত ৯৬৪ গৰাকী লোকৰ মৃত্যু হৈছে।

এই পৰ্যন্ত দেশত মুঠ ১,০৬,৪৯০ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ মুঠ সংখ্যা হৈছে ৫৯,০৬,০৬৯ গৰাকী।

ইফালে মুঠ আক্ৰান্তৰ ভিতৰত ৮,৯৩,৫৯২ গৰাকী ৰোগী বৰ্তমান সক্ৰিয় হৈ আছে। ইয়াৰে কিছু সংখ্যকৰ চিকিৎসা হাস্পতালত চলাৰ বিপৰীতে কিছু সংখ্যক ৰোগী সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে হোম আইছ’লেশ্যনত আছে।

ইফালে যোৱা ২৪ ঘণ্টাত দেশৰ ৭৮,৩৬৫ গৰাকী লোক ক’ৰ’নাৰ পৰা মুক্ত হৈছে।

Related News