NORTHEAST NOW (Assamese)
অসম

২৪ ঘণ্টাত দেশত ক’ৰ’ণাত আক্ৰান্ত ৫৬ হাজাৰ ২১১ গৰাকী লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 30, 2021 3:36 pm
COVID19-positive-1-1140x570-750x375

দেশত এতিয়া প্ৰতিদিনে ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্য ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।বিগত ২৪ ঘণ্টাত ক’ৰ’ণাত আক্ৰান্ত হৈছে  ৫৬হাজাৰ ২১১গৰাকী লোক ।

২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ  ২৭১ গৰাকী ৰোগীৰ মৃত্যু হৈছে ।

দেশত এতিয়া কোৰোনাত আক্ৰান্ত লোকৰ মুঠ  সংখ্যা ১,২০,৯৫,৮৫৫ গৰাকীলৈ বৃদ্ধি পাইছে।

আক্ৰান্ত লোকসকলৰ মাজৰে ৫লাখ ৪০হাজাৰ ৭২০ গৰাকী লোক বৰ্তমান চিকিৎসাধীন হৈ আছে।

এতিয়ালৈকে দেশত  ৬কোটি ১১লাখৰো অধিক লোকক কভিডৰ ভেকচিন প্ৰদান কৰা হৈছে বুলি স্বাস্থ্য দপ্তৰৰ সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য দেশৰ ১৮ খন ৰাজ্যত এতিয়া পোৱা গৈছে কোভিডৰ নতুন প্ৰজাতি।

এই প্ৰজাতি কোভিড-১৯ তকৈয়ো অধিক মাৰাত্মক বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে।

ভেকচিন ওলাইছে, কিন্তু কোভিডৰ আতংকৰ পৰা মুক্ত হ’ব পৰা নাই দেশ।

দেশত কিছুদিন আগলৈকে কোভিডৰ সংহাৰ বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছিল যদিও শেহতীয়াকৈ পুনৰ কোভিডে মাৰাত্মক ৰূপত মূৰ দাঙি উঠিছে।

বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ভাৰততো বৰ্তমান সময়ত কোভিড ভাইৰাছৰ সংক্ৰমণ পুনৰ নতুনকৈ আৰম্ভ হৈছে।

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে শেহতীয়াভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বৰ্তমানলৈ জন।

শেহতীয়াকৈ মহাৰাষ্ট্ৰ, তামিলনাডু, পঞ্জাৱ আদি ৰাজ্যত কোভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।