NORTHEAST NOW (Assamese)

দেশত কোভিডৰ দৈনিক সংক্ৰমণৰ হাৰ ক্ৰমাৎ নিম্নগামী, মৃত্যুৰ সংখ্যাও আহিছে কমি

January 28, 2022 12:35 pm · এন ই নাও নিউজ,গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

দেশত কোভিড-১৯ৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ গণ সংক্ৰমণে জনসাধাৰণক শংকিত কৰি ৰখাৰ মাজতে দৈনিক সংক্ৰমণ নিম্নগামী হোৱা দেখা গৈছে যদিও পজিটিভিটিৰ হাৰ যথেষ্ট উৰ্দ্ধমুখী হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বিগত ২৪ ঘণ্টাত ২,৫১,২০৯ গৰাকী লোক নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে।

দেশত বৰ্তমান পজিটিভিটিৰ হাৰ ১৫.৮৮ শতাংশ হৈছে ।

আনহাতে, যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৬২৭ গৰাকী।

দেশত কালান্তক কোভিডে প্ৰাণ হৰি নিয়া মুঠ লোকৰ সংখ্যা হৈছেগৈ ৪,৯২,৩২৭ গৰাকী।

আজিৰ তাৰিখত দেশত সক্ৰিয় কোভিড ৰোগীৰ হৈছে ২১ লাখ ০৫ হাজাৰ ৬১১ গৰাকী।

দেশত এতিয়ালৈকে মুঠ কোভিড মুক্ত লোকৰ সংখ্যা হৈছে হৈছে ৩ লাখ ৪৭ হাজাৰ ৪৪৩ গৰাকী।

দেশজুৰি কোভিড টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰদান কৰা সামগ্ৰিক পালিৰ সংখ্যাই ১৬৪.৪৪ কোটিৰ ঘৰ অতিক্ৰম কৰিছে।

যোৱা ২৪ ঘণ্টাত ১৫,৮২,৩০৭ টা কোভিড-১৯ পৰীক্ষা সম্পন্ন কৰা হৈছে।

Related News