NORTHEAST NOW (Assamese)
Popular Stories

মৰ্মান্তিক! ক’ভিড পজিটিভ হোৱাৰ পাছতে চিলিং ফেনত ওলমি আত্মহত্যা কৰিলে এজন লোকে, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 2, 2021 4:16 pm
মৰ্মান্তিক! ক’ভিড পজিটিভ হোৱাৰ পাছতে চিলিং ফেনত ওলমি আত্মহত্যা কৰিলে এজন লোকে, ক’ত?

ক’ভিডত আক্ৰান্ত হোৱাৰ পাছতে আত্মহননৰ পথ বাচি ল’লে এগৰাকী অশীতিপৰ লোকে।

কলকাতাৰ পূৰ্ব পুটিয়াৰী অঞ্চলৰ বাবুপাৰাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

আৰক্ষীৰ ভাষ্য অনুসৰি, শুকুৰবাৰে লোকজনক মৃত অৱস্থাত নিজা বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয়।

তেওঁৰ নিজা দুমহলীয়া বাসগৃহৰ তলৰ মহলাত এখন চিলিং ফেনত উলমি আত্মহত্যা কৰে।

ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পাছতে অঞ্চলটোত শোকৰ ছাঁ পৰে।

ক’ভিড পজিটিভ হোৱাৰ পাছত হোম আইচলেচনত থকাৰ সময়ত লোকজনে ব্যাপক পৰিমাণে মানসিক দুঃশ্চিন্তাৰ বলি হোৱা বুলি তেওঁলোকে ধাৰণা কৰিছে।

বৰ্তমান আৰক্ষীয়ে লোকজনৰ প’ষ্ট-মৰ্টেম ৰিপ’ৰ্টৰ বাবে বাট চাই আছে।