NORTHEAST NOW (Assamese)
অসম

বিলাসীপাৰাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ক’ভিড পুনৰীক্ষণ সভা

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ January 19, 2022 2:39 pm

কোৰোনাৰ তৃতীয় ঢৌৰ পৰিণতিত  ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰা মহকুমাতো ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত বিলাসীপাৰাৰ মহকুমাধিপতিৰ কক্ষত  ক’ভিড পুনৰীক্ষণৰ সভা অনুষ্ঠিত হয়।

মহকুমাধিপতি জয় শিৱানীৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাত মহকুমাখনত ক’ভিড আক্ৰান্ত সংখ্যা বৃদ্ধি হোৱা সন্দৰ্ভত পৰ্য্যালোচনা কৰা হয়।

মহকুমাধিপতিগৰাকীয়ে স্বাস্থ্য কৰ্মচাৰী সকলক ক’ভিড পৰীক্ষা আৰু নিৰীক্ষণ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে।লগতে ‘চক্ৰ পৰ্য্যায়ৰ গৃহ পৃথকীকৰণ নিৰীক্ষণ সমিতি’ৰ দ্বাৰা ক’ভিদ ৰোগীৰ গৃহত সঠিকৰূপে পৃথকীকৰণ আৰু প্ৰতিষেধক প্ৰদানৰ স্থিতাৱস্থা পুনৰীক্ষণ কৰা হয় আৰু টিকাকৰণৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হয় ।

মহকুমাধিপতিগৰাকীয়ে বিলাসীপাৰা মহকুমাত  ১৫-১৮ বয়সৰ ল’ৰা-ছোৱালীসকলৰ টীকাকৰণত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কয়।আজিৰ পুনৰীক্ষণ সভাত  চাপৰৰ  মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ড: আবুল কালাম আজাদ, ৰাণীগঞ্জৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডঃ হেমাংগ নাথ আৰু স্বাস্থ্য কেন্দ্ৰ দুখনৰ ‘খণ্ড আঁচনি প্রবন্ধক’দ্বয়ো উপস্থিত থাকে।ইপিনে চাপৰতো ক’ভিড সংক্ৰমণৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

অকল আজিৰ দিনটোতে চাপৰ ৰাজহ চক্ৰত ২২ গৰাকী লোক  ক’ভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। ৰেপিড এন্টিজনে টেষ্টত  উক্ত ২২ গৰাকী লোক  ক’ভিডত আক্ৰান্ত বুলি ধৰা পৰে।সম্প্ৰতি আটাইকেইজনকে “হ’ম আইচ’লেশ্বন”ত ৰখা হৈছে বুলি চাপৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডঃ আবুল কালাম আজাদে জানিবলৈ দিছে।