NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত,নতুনকৈ পুনৰ ৩৭ জন আক্ৰান্ত

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা July 8, 2021 10:49 am
covid_571_855

বঙাইগাঁও জিলাত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত আছে ৷

জিলাখনত বুধবাৰৰ দিনটোত নতুনকৈ পুনৰ ৩৭ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে ৷ আনহাতে সুস্থ হৈ উঠিছে ১২ জনকৈ ৰোগী ৷

জিলাখনত বুধবাৰৰ দিনটোত নতুনকৈ ৩৭ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা ১৬৯ জনলৈ বৃদ্ধি পাইছে  ৷

ইয়াৰ ভিতৰত ১১৩ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৫৬ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

জিলাখনত  বুধবাৰে মুঠ ৩,৯৬৩ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷

জিলাখনত ১ মাৰ্চৰ পৰা ৭ জুলাই লৈ  মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,০৭৪ জন হৈছে ৷