NORTHEAST NOW (Assamese)
অসম

কভিডৰ তৃতীয় ঢৌ: কিমান লোক চিকিৎসাধীন হৈ আছে জি এম চি এইচত ?

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী January 22, 2022 3:26 pm

কভিডৰ তৃতীয় ঢৌত জি এম চি এইচত এইপৰ্যন্ত চিকিৎসাধীন হৈছে ৬৯৩ গৰাকী ৰোগী।

ইয়াৰে ৫৩৭ গৰাকী ৰোগীয়ে লৈছে ভেকচিন ।

৫৮গৰাকীয়ে লৈছে প্ৰথম পালি ,৪৯৯ গৰাকীয়ে লৈছে দ্বিতীয় পালি।

ভেকচিন লোৱা নাই ১৫৭ গৰাকী ৰোগীয়ে।

ভেকচিন লোৱা সকলৰ বিশেষ জটিলতা নাই,কিন্তু নোলোৱা সকলৰ ক্ষেত্ৰত দেখা দিছে কিছু জটিলতাই।

জি এম চি এইচত ৪০ৰ পৰা ৪৫ গৰাকীকৈ নাৰ্ছ কভিডত আক্ৰান্ত হৈছে।

জি এম চি এইচ কৰ্তৃপক্ষই আজি এই তথ্য সদৰী কৰিছে। কৰ্তৃপক্ষৰ মতে নাৰ্ছ আক্ৰান্ত হলেও চিন্তা নাই, কাৰন জি এম চি এইচত আছে ৮০০গৰাকীকৈ নাৰ্ছ।

৩০ ৰ পৰা ৩৫ গৰাকী চিকিৎসকো আক্ৰান্ত হৈছে কভিডত, কিন্তু তেওঁলোকে নিজেই নিজৰ লৈছে যত্ন।

বৰ্তমানলৈ জি এম চি এইচত ২০ জন লোকৰ মৃত্যু হৈছে।

ইয়াৰে কেৱল ৩ জনৰহে কোভিড হৈ মৃত্যু হৈছে। বাকী কেইজন অন্য ৰোগত আক্ৰান্ত আছিল।