NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজিৰ দিনটোত কোভিডত আক্ৰান্ত কিমান লোক? মৃত্যু ঘটা নাই এজনো লোকৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 19, 2021 8:24 pm
Doctors-on-Covid-duty-750x375

ৰাজ্যত আজিৰ দিনটোত কোভিড সংক্ৰমণৰ সৈতে জৰিত সুখকৰ কথাটো এয়াই যে আজি কোভিডত এজনো লোকৰ মৃত্যু ঘটা নাই।

সোমবাৰে অসমত কোভিড পজিটিভিটিৰ হাৰ ০.৭৩ শতাংশলৈ হ্ৰাস পাইছিল যদিও আজিৰ দিনটোত সেই হাৰ পুনৰ কিছু বৃদ্ধি পায়। আজি ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ ০.৮৯ শতাংশ।

আজি ৰাজ্যত সৰ্বমুঠ ৩৯,৬৫৪ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে ৩৫৩ গৰাকী ব্যক্তিৰ শৰীৰত কোভিড সংক্ৰমণ ধৰা পৰিছে।

আনহাতে, দেওবাৰে ৰাজ্যত সৰ্বমুঠ ১৯,৩৫০ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু ইয়াৰে ২০৫ গৰাকী ব্যক্তিৰ শৰীৰত কোভিড সংক্ৰমণ ধৰা পৰিছিল।

কামৰূপ মেট্ৰ’ত নতুনকৈ কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১৫২ গৰাকী।

সেইদৰে ৰাজ্যত আজি এজনো ব্যক্তিৰ কোভিড সংক্ৰমণৰ ফলত মৃত্যু হোৱা নাই।

ৰাজ্যত কোভিডত সুস্থ হোৱা ৰোগীৰ হাৰ হৈছে ৯৮.৪৩ শতাংশ।

আজিৰে পৰা সুদীৰ্ঘ ২০ মাহৰ পিছত ৰাজ্যৰ বিদ্যালয় সমূহত প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান আৰম্ভ হৈছে।

কোভিডৰ আতংকৰ মাজতে ৰাজ্যজুৰি দুৰ্গা পূজা উলহ-মালহেৰে অনুষ্ঠিত হৈ যায়। বিভিন্ন পূজাস্থলীত মানুহৰ ভিৰো পৰিলক্ষিত হয়।

তদুপৰি, বহু দৰ্শনাৰ্থীয়ে কোভিড বিধিৰ প্ৰতি বিশেষ মনোযোগ দিয়াও দেখা নগ’ল।

উপ-নিৰ্বাচনৰ প্ৰচাৰ সভা সমূহতো যথেষ্ট সংখ্যক লোকৰ ভিৰ হোৱা দেখা গৈছে। কোনো এখন সভাতেই মানি চলা হোৱা নাই কোভিড বিধি।

ফলত ৰাজ্যত পুনৰ কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা কৰিছে সচেতন মহলে।