NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাত ক’ভিডত এজনৰ মৃত্যু, নতুনকৈ আক্ৰান্ত ৩৮ জন ব্যক্তি 

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা June 25, 2021 10:18 pm
bob

বঙাইগাঁও জিলাত ক’ৰোনাৰ সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে যদিও বৰ্তমানেও প্ৰতিদিনে বিভিন্নজন আক্ৰান্ত হৈয়ে আছে ৷

ইয়াৰ মাজতে শুকুৰবাৰে ক’ভিডত আক্ৰান্ত এজন ব্যক্তিৰ মৃত্যু হয় ৷ মৃত ব্যক্তিজন বঙাইগাঁৱৰ বিদ্যাপুৰৰ ফুলকুমাৰী গাঁৱৰ চফুৰুদ্দিন এচ কে (৮৫)। আনহাতে শুকুৰবাৰৰ দিনটোত জিলাখনত নতুনকৈ ৩৮ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে ৷

ইয়াকে ধৰি জিলাখনত বৰ্তমান ক’ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ১৩৬ জন আছে  ৷

ইয়াৰ ভিতৰত ৮৩ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৫৩ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷  সেইদৰে শুকুৰবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ২৭  জনকৈ ৰোগী ৷

ইপিনে জিলাখনত শুকুৰবাৰে মুঠ ৩,১৬৩ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷

জিলাখনত ১ মাৰ্চৰ পৰা ২৫ জুনলৈকে মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩,৭৩৬ জন হৈছে ৷

সেইদৰে জিলাখনত শুকুৰবাৰৰ দিনটোত ক’ভিড প’জিটিভিটিৰ হাৰ আছিল  ০.৪ শতাংশ ৷

উল্লেখ্য যে শুকুৰবাৰে জিলাখনত ১৮ – ৪৪ বছৰ বয়সৰ ভিতৰৰ আৰু ৪৫ বছৰ বয়সৰ ওপৰৰ ব্যক্তিসহ মুঠ ৪,০৪৩ জন ব্যক্তিক ক’ভিড ভেকচিন প্ৰদান কৰা হয় ৷

আনহাতে বৰ্তমানলৈকে জিলাখনত মুঠ ১,৫৬,৬৪৫ পালি ভেকচিন প্ৰদান কৰা হৈছে ৷