NORTHEAST NOW (Assamese)

দেশত যোৱা ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল কোভিডত; কিমানজনে হেৰুৱালে প্ৰাণ?

July 29, 2021 1:13 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে যোৱা ২৪ ঘন্টাত সংক্ৰমণৰ ঘটনা পূৰ্বৰ দিনৰ দৰে ৪০হাজাৰৰ সামান্য ওপৰতেই আছে।
সেইদৰে দৈনিক মৃত্যুৰ সংখ্যা পাঁচশৰ তলতে আছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪৩ হাজাৰ ৫০৯ গৰাকী
লোক।
সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ১৫লাখ ২৮ হাজাৰ ১১৮ গৰাকী।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৬৪০ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ২২ হাজাৰ ৬৬২ গৰাকী লোক।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৫লাখ ৭৯ হাজাৰ ১০৬ জন।

দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪লাখ ৩হাজাৰ ৮৪০ গৰাকী।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানাম গেব্ৰিয়াছুছে অলপতে সদৰী কৰিছিল যে বিশ্বত ইতিমধ্যে কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈ গৈছে।

ইপিনে, দেশত কৰ’না পৰিস্থিতিয়ে পুনৰ জটিল ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰি আহিছে বিশেষজ্ঞসকলে। তাৰ মাজতে দেশত কৰ’না ভাইৰাছৰ কেইবাটাও ভেৰিয়েন্টৰ অৱস্থিতি ধৰা পৰিছে।

Related News