NORTHEAST NOW (Assamese)
অসম

অমিক্ৰনৰ আতংকৰ মাজতে দেশত নিম্নগামী ক’ৰ’নাগ্ৰাফ,২৪ ঘণ্টাত আক্ৰান্ত ৬৯৯০গৰাকী লোক

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 30, 2021 1:41 pm
india-covid-1

ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে এতিয়া কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনৰ ত্ৰাস বিয়পি পৰিছে।

এনে ত্ৰাসৰ মাজতে ভাৰতত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা পূৰ্বৰ তুলনাত বহু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

ক’ৰ’নাগ্ৰাফৰ নিম্নগামী গতিয়ে অন্ততঃ আজিৰ দিনটোৰ বাবে চৰকাৰ আৰু স্বাস্থ্যকৰ্মীসকলক কিছু সকাহ দিয়া পৰিলক্ষিত হৈছে।

বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৬৯৯০ গৰাকী লোক।কালি দেশত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ৮ হাজাৰৰ ওপৰত আছিল।

বিগত ২৪ ঘণ্টাত দেশত কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১৯০ জন লোকৰ। কালি এই সংখ্যা ২০০ ৰো ওপৰত আছিল। কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ১০ হাজাৰ ১১৬ গৰাকী লোক কোভিডৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছে।

দেশত আজিৰ তাৰিখত কোভিডৰ পৰা সুস্থ হৈ উঠা মুঠ লোকৰ সংখ্যা হৈছে ৩ কোটি ৪০ লাখ ১৮ হাজাৰ ২৯৯ গৰাকী।আজিৰ দিনটোত সুস্থতাৰ হাৰ হৈছে ৯৮.৩৫ শতাংশ।

দেশত বৰ্তমান থকা সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈছে ১ লাখ ৫৪৩ গৰাকী। বিগত ৫৪৬ দিনৰ ভিতৰত এয়া সৰ্বনিম্ন সংখ্যা হিচাবে বিবেচিত হৈছে। দেশত এতিয়ালৈকে ১২৩ কোটি লোকক ভেকচিন প্ৰদান কৰা হৈছে।

কৰ’নাৰ সামগ্ৰিক পৰিস্থিতি নিয়ন্ত্ৰণাধীন হ’লেও নতুন প্ৰজাতি অ’মিক্ৰনকলৈ শংকা বৃদ্ধি পাইছে।

বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে এই নতুন প্ৰজাতিয়ে একাধিকবাৰ ৰূপ সলনি কৰিছে। দক্ষিণ আফ্ৰিকাত এই নতুন ভেৰিয়েন্টৰ সংক্ৰমণ ইতিমধ্যে বিয়পিছে।

কৰ’নাৰ এই নতুন মাৰাত্মক সংক্ৰমণ কেনেদৰে প্ৰতিৰোধ কৰিব পৰা যায় সেই সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে এক বৈঠকত মিলিত হৈ সংশ্লিষ্ট সকলোকে পৰিস্থিতিৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।