NORTHEAST NOW (Assamese)
অসম

আতংকৰ মাজতে আশাৰ ৰেঙণি: ৰাজ্যত ক্ৰমাৎ উন্নত কোভিড পৰিস্থিতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 23, 2021 8:30 pm
Covid positive ptients flee

দেশৰ বিভিন্ন ৰাজ্যত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পোৱাৰ দৰে অসমতো আক্ৰান্তৰ হাৰ কমিছে যদিও মৃত্যুৰ সংখ্যা পিছে উদ্বেগজনক হৈয়েই আছে।

আজিৰ দিনটোত ৰাজ্যৰ কোভিড পৰিস্থিতিৰ কিছু উন্নতি ঘটিছে ।
কালিৰ দিনটোতে কোভিডে কাঢ়ি নিছিল ৭৯ গৰাকী লোকৰ প্ৰাণ । আজি কোভিডত মৃত্যু ঘটা লোকৰ সংখ্য হৈছে ৭২ গৰাকী।

কালি ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছিল ৫৯৮০ গৰাকী লোক । আজি আক্ৰান্তৰ সংখ্য হৈছে ৩৫৬৩ গৰাকী লোক।

১০৭৩৯৮ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল । আজি সম্পন্ন কৰা পৰীক্ষাৰ সংখ্যা হৈছে ৬২৭২২ টা।

কামৰূপ মেট্ৰ’ত কালি ক’ভিডত আক্ৰান্ত হৈছিল ৯০২ গৰাকী লোক । আজি সেই সংখ্যা হৈছে ৬২৪ গৰাকী। আজি কোভিড পজিটিভিটিৰ হাৰ হৈছে ৫.৬৮ শতাংশ ।

এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৮৪.৮৭ শতাংশ ।

ইতিমধ্যে ৰাজ্যত আন্তঃজিলা ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইয়াৰ ফলত কোভিডৰ সংক্ৰমণ ভালে খিনি ৰোধ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

আজি বাহিৰৰ পৰা ৰাজ্যলৈ ৮০ মেট্ৰিক টন অক্সিজেন প্ৰথমবাৰৰ বাবে অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে আহে।