NORTHEAST NOW (Assamese)
অসম

অসমত ৬০ হাজাৰৰ সীমা অতিক্ৰম ক’ভিড আৰোগ্যৰ, নতুনকৈ মুক্ত ২০৫৪

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 19, 2020 10:58 pm
Covid19: 1586 persons discharged in Assam on Tuesday

ক’ভিড১৯ আৰোগ্য লোকৰ সংখ্যাই অসমত বুধবাৰে ৬০ হাজাৰৰ সীমা অতিক্ৰম কৰিছে।

অসমত এতিয়ালৈকে ৬০,৩৪৮গৰাকী ব্যক্তিয়ে ক’ভিডৰ আৰোগ্য লাভ কৰিছে। বুধবাৰে চিকিৎসালয় এৰিছে ২০৫৪গৰাকী ব্যক্তিয়ে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৩,৭৫৩ (।)

বিপৰীতে ২১১৬গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.২৩ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৪০,৩৮৯টা টেষ্টত এইসকল ব্যক্তিক ক’ভিড পজিটিভ পোৱা গৈছে।

নতুনকৈ পজিটিভ চিনাক্তসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত ক’ভিড আক্ৰান্তৰ সংখ্যা ৮৪,৩১৭লৈ বৃদ্ধি পাইছে। ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

আনহাতে আৰু দহগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২১৩লৈ বৃদ্ধি পাইছে।