NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ আতংক; ওড়িশাত এসপ্তাহ ল’ক ডাউনৰ ঘোষণা মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ

March 22, 2020 7:41 am · এন ই নাও নিউজ
ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক

দেশৰ বিভিন্ন প্ৰান্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰসাৰিত হোৱাৰ সময়তে ওড়িশাত ঘোষণা কৰা হৈছে এসপ্তাহৰ বাবে ল’ক ডাউনৰ।

ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ভুৱনেশ্বৰত ঘোষণা কৰিছে এই ল’ক ডাউনৰ কথা।

প্ৰথম পৰ্যায়ত মাৰ্চৰ ২২ তাৰিখৰ পুৱা ৭ বজাৰ পৰা অহা ২৯ মাৰ্চৰ নিশা ৯ বজালৈকে এই ল’ক ডাউন কাৰ্যকৰী হ’ব।

এইটো পৰ্যায়ত ৰাজ্যখনৰ খোধৰা, কটক, গঞ্জন, কেন্দ্ৰপাৰা, আঙ্গুল আদি জিলাৰ লগতে পুৰী, ৰৌৰকেলা, চম্বলপুৰ, ঝাৰচুগুডা, বালাসূৰ, জয়পুৰ আৰু ভদ্ৰাক আদি চহৰত এই ল’ক ডাউন কাৰ্যকৰী কৰা হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে।

অৱেশ্য জৰুৰীকালীন সেৱা যেনে চিকিৎসাস খাদ্য সামগ্ৰীৰ দোকান, ৰেষ্টোৰেণ্ট (কেৱল হোম ডেলিভাৰীৰ বাবে), পাচলি, মাংস, গাখীৰ/ব্ৰেড আৰু বেকাৰী আদি ব্যৱাসিয়ক প্ৰতিষ্ঠান খোলা থাকিব।

আনহাতে ৰে’লৱে, বাছ ষ্টেণ্ড, বিমান বন্দৰ আদি ৰাজহুৱা পৰিবহনো চলি থাকিব বুলি জানিবলৈ দিছে পাটনায়কে।

‘আপুনি যদি বাহিৰলৈ যাব খোজে তেনে কেৱল খাদ্য সামগ্ৰী, পানী, ঔষধ ক্ৰয় কৰিবলৈ অথবা চিকিৎসালয়লৈ যাব পাৰিব।’ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

উল্লেখ্য যে ওড়িশাত বৰ্তমান ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰথমটো পৰ্যায়ত আছে।

Related News