NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছ: PM CARESলৈ ৫০০ কোটি টকাৰ বৰঙনি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 30, 2020 9:26 pm
Mukesh-Ambai-and-Nita-Ambani.-Image-credit-Twitter-1140x570

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে প্ৰধান মন্ত্ৰীৰ PM CARES পুঁজিলৈ ৫০০ কোটি টকাৰ বৰঙনি ঘোষণা কৰিছে।

তাৰোপৰি, মহাৰাষ্ট্ৰ আৰু গুজৰাট চৰকাৰলৈকো কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে ৫ কোটিকৈ টকাৰ বৰঙনি আগবঢ়োৱাৰ কথা ৰিলায়েন্সে ঘোষণা কৰিছে।

কোম্পানিটোৱে জাৰি কৰা বিবৃতিত COVID-19 ৰোগীৰ বাবে দেশৰ ভিতৰত প্ৰথম চিকিৎসালয়খন মাত্ৰ দুসপ্তাহৰ ভিতৰতে তেওঁলোকে সাজু কৰি তোলাৰ কথাও কোৱা হৈছে।

১০০ বিচনাযুক্ত এই চিকিৎসালয়খন কেৱল COVID-19 ৰোগীৰ চিকিৎসাৰ বাবে আগবঢ়োৱা হৈছে।

কোম্পানিটোৱে দেশৰ স্বাস্থ্যকৰ্মীসকলক যোগান ধৰাৰ বাবে দৈনিক এক লাখ মাস্ক, বহু হাজাৰ PPEও উৎপাদন কৰি আহিছে।

তাৰোপৰি জাননীকৃত জৰুৰীকালীন সেৱাৰ বাহনসমূহক কোম্পানিটোৱে দেশজুৰি বিনামূলীয়াকৈ ইন্ধন যোগান ধৰিছে।

কোম্পানিটোৱে লগতে সদৰী কৰে যে তেওঁলোকে পৰৱৰ্তী ১০ দিনত দেশজুৰি বিভিন্ন ঠাইত ৫০ লাখ বিনামূলীয়া আহাৰ যোগান ধৰিব।

ৰিলায়েন্সে এই বিনামূলীয়া আহাৰৰ পৰিমাণ আৰু বৃদ্ধি কৰা আৰু নতুন নতুন ঠাইতো যোগান ধৰাৰ চেষ্টা চলাই আছে বুলিও বিবৃতিটোত প্ৰকাশ।

বিবৃতিটোত লগতে কোৱা হৈছে যে জিঅ’ই দেশৰ ৪০ কোটি ব্যক্তি আৰু হাজাৰ হাজাৰ সংস্থাক “ৱৰ্ক ফ্ৰম হ’ম”, “ষ্টাডি ফ্ৰম হ’ম” আৰু “হেল্থ ফ্ৰম হ’ম”ৰ সুবিধা আগবঢ়াইছে।

ৰিলায়েন্স ৰিটেইলৰ জৰিয়তে ষ্ট’ৰযোগে বা হ’ম ডেলিভাৰিযোগে প্ৰতিদিনে বহু মিলিয়ন ভাৰতীয়ক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ কথাও উল্লেখ কৰা হৈছে।

COVID-19 প্ৰত্যাহ্বানৰ প্ৰতি ভাৰতৰ সঁহাৰিলৈ সমৰ্থন আগবঢ়াই যাবলৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ প্ৰতিশ্ৰুতিবদ্ধ বুলিও কোম্পানিটোৱে উল্লেখ কৰিছে।

আৰ আই এলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মুকেশ আম্বানিয়ে কয়, “আমি আত্মবিশ্বাসী যে ভাৰতে পলমকৈ নহয় সোনকালেই কৰ’নাভাইৰাছ সংকটক জয় কৰিব।”