NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ বিৰুদ্ধে শিৱসাগৰীয়া যুৱকৰ ভি-ফাইটাৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ April 7, 2020 6:03 pm
কৰ’নাৰ বিৰুদ্ধে শিৱসাগৰীয়া যুৱকৰ ভি-ফাইটাৰ

এজন শিৱসাগৰৰ যুৱকে কৰ’নাভাইৰাছৰ সংক্ৰমণৰ সময়ত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ কামত আহিব পৰা ভি-ফাইটাৰ নামৰ তিনিটা যন্ত্ৰ উদ্ভাৱন কৰিছে।

উদ্ভাৱক শিৱসাগৰ জিলাৰ ফুকন নগৰৰ মেটেকাৰ অভিজিত দুৱৰাই এই যন্ত্ৰ তিনিবিধৰ একেলগে নাম দিছে ভি-ফাইটাৰ অৰ্থাৎ ভাইৰাছ ফাইটাৰ।

তাৰে এটা হ’ল যন্ত্ৰ অট’ ছেনিটাইজাৰ। যিটো এখন কেলেণ্ডাৰ নিচিনা, বেৰত আঁৰি লৈ চুইচ দিব লাগে, আৰু তাৰ পৰাই স্প্ৰে ওলাই সৰ্বশৰীৰ ছেনিটাইজ কৰিব পাৰি।

আন দুটা যন্ত্ৰ হল অট’ থাৰ্ম’মিটাৰ আৰু হট এয়াৰ।

অট’ থাৰ্ম’মিটাৰে শৰীৰৰ উত্তাপ নিৰ্ধাৰণ কৰে আৰু হট এয়াৰ নামৰ যন্ত্ৰটোৱে শৰীৰৰ বীজাণু নাশ কৰিবলৈ গৰম বতাহ দিয়ে।

কৰ’নাভাইৰাছৰ আতংকৰ মাজতে যুৱকজনৰ এই উদ্ভাৱনে শিৱসাগৰত চৰ্চা লাভ কৰিছে।

অভিজিতে ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত বিভিন্ন সমস্যা মোকাবিলাৰ বাবে বহু যন্ত্ৰৰ বিকাশ কৰিছে।