NORTHEAST NOW (Assamese)
অসম

কভিড: বহিৰাজ্যৰ পৰা ওভতা যুৱক-যুৱতীৰ বাবে বোকাখাতত বিশেষ প্ৰশিক্ষণ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 7, 2020 5:57 pm
COVID19: Special training to be held in Bokakhat for youths who have returned from other states

বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত বোকাখাত উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত বহিৰাজ্যৰ পৰা ওভটি অহা যুৱক যুৱতীৰ বাবে বিনামুলীয়া প্ৰশিক্ষণৰ আয়োজন কৰিছে৷

তিনি মহীয়া এই প্ৰশিক্ষণত বহি ৰাজ্যৰ পৰা ওভটি আহি কৰ্মহীন হৈ পৰা এই যুৱক যুৱতী সকলক কাঠৰ কাম , মোবাইল ৰিপিয়াৰিং , পানীৰ পাইপ মেৰামতি আদি কামৰ প্ৰশিক্ষণ প্ৰদান কৰিব৷

বিনামুলীয়া এই প্ৰশিক্ষনৰ শেষত প্ৰশিক্ষন লোৱা যুৱক যুৱতী সকলক প্ৰমান পত্ৰৰ লগতে কৰ্ম সংস্থাপনতো সহায় সহযোগিতা আগবঢ়োৱা হ’ব৷

বৃহস্পতি বাৰৰ দিনা বোকাখাতৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়৷

প্ৰশিক্ষনত অংশ ল’ব বিচৰা বহিৰাজ্যৰ পৰা ওভটি অহা যুৱক যুৱতী সকলক মোবাইল নম্বৰ ৯৬১৩২২৪৪৯৯ আৰু ৭০০২৬২৯৬৩৩ ত ১৪ আগষ্টৰ ভিতৰত যোগাযোগ কৰিবৰ বাবে পৰিচালনা সমিতিৰ তৰফৰ পৰা জানিবলৈ দিছে৷

নুমলীগড় শোধনাগাৰ আৰু বোকাখাতৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে৷