NORTHEAST NOW (Assamese)

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

April 14, 2021 7:28 pm · শশাংক তালুকদাৰ

ৰাজ্যৰ বিভিন্ন স্থানত সৌন্দৰ্য প্ৰতিযোগিতা আয়োজন কৰা হৈ আহিছে যদিও অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ সময়তে ৰাজ্যৰ এক বিশেষ স্থানত আয়োজন কৰা এক বিশেষ সৌন্দৰ্য প্ৰতিযোগিতাই এতিয়া বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

এই সৌন্দৰ্য প্ৰতিযোগিতাত সুন্দৰী যুৱতী অথবা সুঠাম যুৱকৰ সলনি ভাগ লয় গৰুৱে।

ব্যতিক্ৰমী এই সৌন্দৰ্য প্ৰতিযোগিতাখন আয়োজন কৰা হয় বজালী জিলাৰ পাঠশালাত।

গৰু বিহু উপলক্ষ্যে গৰুৰ মাজত আয়োজন কৰা এই সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ লয় অঞ্চলটোৰ বহু সু-স্বাস্থ্য সম্পন্ন গৰুৱে।

গৰু বিহুৰ দিনটোত পাঠশালাৰ কৃষকসকলেও তেওঁলোকৰ গোধনক নৈত গা ধুৱাই মাহ-হালধি সানি সুন্দৰ ভাবে সজাই পৰাই তোলে আৰু সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হোৱা স্থানলৈ লৈ আহে।

বিহু গীতৰ তালে তালে সমৱেত ৰাইজে আনন্দত মতলীয়া হৈ পৰাৰ লগতে তেওঁলোকৰ গোধনক প্ৰতিযোগিতাৰ ৰেম্পত খোজ কাঢ়িবলৈ দিয়ে।

গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা আয়োজন কৰি গোধনৰ প্ৰতি মানুহৰ মৰম তথা পৰিচৰ্যা বৃদ্ধিৰ মনোভাৱ বৃদ্ধিকৰাৰ প্ৰয়াস চলোৱা হৈছে।

গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা  খন সন্দৰ্ভত স্থানীয় এগৰাকী গঞাই কয় ‘ বিগত প্ৰায় এটা দশক ধৰি প্ৰতি বছৰে গৰু বিহুৰ দিনা এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।গোবিন্দপুৰ অঞ্চলৰ সকলো লোকেই এই অনুষ্ঠানটোৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ থাকে’।

Related News