NORTHEAST NOW (Assamese)

হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবীৰে চিপিআইৰ প্ৰতিবাদ

March 1, 2019 10:12 pm · কল্পজ্যোতি শইকীয়া

সাৰদা আৰু লুইছ বাৰ্জাৰৰ দৰে বৃহৎ কেলেংকাৰিৰ সৈতে জড়িত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰাৰ দাবীত আৰু গ্ৰেপ্তাৰৰ দাবীত ভাৰতীয় কমিউনিষ্ট পাৰ্টী চমুকৈ চিপিআইয়ে শনিবাৰে দীঘলীপুখুৰীৰ পাৰত এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।

মন্ত্ৰী শৰ্মাৰ নাম বাৰেপতি ওপৰোক্ত দুটা কেলেংকাৰিৰ সৈতে সাঙোৰ খোৱাৰ পাছতো মন্ত্ৰীজনৰ বিৰুদ্ধে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা বিজেপি চৰকাৰখনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে।

এই সম্পৰ্কে চিপিআইৰ ৰাজ্যিক সম্পাদক মুনীন মহন্তই উক্ত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কয় যে দীৰ্ঘদিন ধৰি তেওঁলোকে দুটাকৈ কেলেংকাৰিৰ সৈতে জড়িত হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী তুলি আহিছে।

তেওঁ আৰু কয়, ‘বহুকেইটা কেলেংকাৰিত হিমন্ত বিশ্ব শৰ্মাৰ নাম জড়িত থকা বুলি পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে উল্লেখ কৰিছিল। আনকি সুদীপ্ত সেনৰ চিঠি মৰ্মে মন্ত্ৰীজনে সাৰদা কেলেংকাৰিত তিনি কোটি টকা লোৱাৰ অভিযোগ আনিছে।‘

তদুপৰি যিবোৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অনা হৈছে, সেই অভিযোগৰ উচিত তদন্ত নোহোৱা পৰ্য্যন্ত মন্ত্ৰীজনক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিব লাগে বুলি দাবী উত্থাপন কৰে মহন্তই।

আনহাতে, হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকা সময়ত বিজেপি চৰকাৰে তেওঁৰ বিৰুদ্ধে ‘হোৱাইট পেপাৰ’ প্ৰস্তুত কৰা বুলি তেওঁ মন্তব্য কৰে।

‘বিজেপিত যোগদান কৰাৰ পাছত তেওঁ ধোঁৱা তুলসীৰ পাত হৈ পৰিছে।‘ মুনিন মহন্তই এইদৰে কয়।

তেওঁ আৰু কয় যে কংগ্ৰেছত থাকোতে হোৱা দুৰ্নীতি চিণ্ডিকেট আৰু বিজেপিৰ শাসনত হোৱা দুৰ্নীতি চিণ্ডিকেটৰ মূল খুটাটোৱেই হৈছে হিমন্ত বিশ্ব শৰ্মা।

আনহাতে, ৰাফেল বিমান ক্ৰয়ৰ ক্ষেত্ৰত হোৱা কেলেংকাৰিৰ তদন্ত কৰাৰ বাবে যুটীয়া সংসদীয় কমিটি গঠনৰ বাবে দাবী তোলে চিপিআইয়ে।

Related News