NORTHEAST NOW (Assamese)
অসম

দু:খৱৰ! বাওঁপন্থী নেতা সীতাৰাম য়েচুৰীৰ জ্যেষ্ঠ পুত্ৰ ৩৪ বছৰীয়া আশিস য়েচুৰীৰ কৰ’নাত মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 22, 2021 9:52 am
yechury_son_571_855-1140x570

কৰ’না আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে চিৰিআইএমৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ জ্যেষ্ঠ পুত্ৰ ৩৪বছৰীয়া আশিষ য়েচুৰীয়ে।

বৃহস্পতিবাৰ পুৱা ৬বজাত গুৰুগ্ৰামৰ এখন হাস্পাতলত তেওঁৰ মৃত্যু হয়। সীতাৰাম য়েচুৰীয়ে টুইট যোগে নিজ পুত্ৰক হেৰুওৱাৰ কথা জানিবলৈ দিয়ে।

বাতৰি অনুসৰি, কৰ’না আক্ৰান্ত হৈ কেইবাদিন ধৰি আশিস অসুস্থ আছিল। প্ৰথমতে তেওঁ গুৰুগ্ৰামৰ হোলি ফেমিলি হাস্পাতলত ভৰ্তি কৰা হৈছিল যদিও পাছত মেদান্ত হাস্পাতললৈ স্থানান্তৰ কৰা হৈছিল।

আশিস য়েচুৰী দিল্লীৰ এখন বাতৰিকাকতৰ সাংবাদিক আছিল।

পুত্ৰক হেৰুওৱাৰ কথা টুইটাৰত জনাই সীতাৰাম য়েচুৰীয়ে লিখিছে,’’গভীৰ দুখেৰে সৈতে জনাও, আজি পুৱাই কৰ’নাত মই মোৰ ডাঙৰ পুত্ৰ আশিস য়েচুৰীক হেৰুৱালো। যিসকলে তেওঁৰ চিকিৎসা কৰিছিল তেওঁলোকক ধন্যবাদ জনাইছো। আমাৰ কাষত থিয় দিয়া সকলো চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী, ছাফাইকৰ্মী তথা অন্যান্যসকলকে ধন্যবাদ।‘’

আশিস য়েচুৰীৰ এনে অকাল মৃত্যুত দেশখনৰ বিভিন্ন নেতাই শোক প্ৰকাশ কৰি টুইট কৰিছে আৰু শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাইছে।