NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

L2: Empuraan বিতৰ্কঃ এয়া ‘বাক স্বাধীনতাৰ ওপৰত আক্ৰমণ’ চিপিআই(এম) সাংসদৰ মন্তব্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 2, 2025 2:27 pm
L2: Empuraan বিতৰ্কঃ এয়া ‘বাক স্বাধীনতাৰ ওপৰত আক্ৰমণ’ চিপিআই(এম) সাংসদৰ মন্তব্য

মোহনলাল অভিনীত এল ২: ইম্পুৰান ছবিখনক লৈ অহা ভাবুকিৰ বাবে ছবি গৃ্হত মুক্তি দিয়াৰ পিছতে  এল ২: ইম্পুৰানত উল্লেখযোগ্য পৰিৱৰ্তন কৰা বিষয়টো উত্থাপন কৰি কয় যে এয়া মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ।

সদনত এই বিষয়টো উত্থাপন কৰি ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয়, এই দেশত দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈ আছে। ভাৰতীয় সংবিধানত সন্নিৱিষ্ট  বাক স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত আঘাত হানিছে  ।” তেওঁ কয়, যে চেন্সৰ ব’ৰ্ডৰ অনুমোদনৰ পিছত মুক্তিপোৱা এখন ছবিক পুনৰ চেন্সৰ ব’ৰ্ডলৈ পঠিওৱা হ’ল আৰু ভাবুকিৰ বাবে ২৪টা দৃশ্য কাটি পেলোৱা হ’ল।

সাংসদ গৰাকীয়ে লগতে কয় ছবিৰ মুখ্য চৰিত্ৰকো ‘দেশবিৰোধী’ বুলি কোৱা হৈছে। তেওঁ সকীয়াই দি কয় যে যদি দেশত এনে পৰিস্থিতি হয়, তেন্তে মানুহৰ বাক স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা বিপদাপন্ন হ’ব।

প্ৰসংগ ক্ৰমে  L2: Empuraan হৈছে ২০২৫ৰ এখন ভাৰতীয় মালয়ালম ভাষাৰ এক্‌শ্বন থ্ৰিলাৰ ছবিখন পৰিচালনা কৰিছে পৃথ্বীৰাজ সুকুমাৰণে। এই ছবিখন ২০১৯ত মুক্তি পোৱা “Lucifer”ৰ দ্বিতীয় খণ্ড। ছবিখনত মোহনলালে ষ্টিফেন নেডুমপাল্লী বা খুৰেশী আব্ৰাম নামৰ চৰিত্ৰত অভিনয় কৰিছে।

কাহিনীত দেখা যায় যে ষ্টিফেন এজন ৰাজনৈতিক নেতা আৰু একে সময়তে বিশ্বৰ এটা গোপন অপৰাধী দলৰ নেতা। ছবিখনে কেৰালাৰ ৰাজনীতিৰ সৈতে আন্তৰ্জাতিক অপৰাধৰ মিশ্ৰণ দেখুৱাইছে। ষ্টিফেনে নিজৰ ক্ষমতা বঢ়াবলৈ চেষ্টা কৰে আৰু নতুন শত্ৰু, যেনে শ্বেন ট্ৰাইএডৰ সৈতে মুখামুখি হয়। এই ছবিত জয়েদ মাছুদৰ পূৰ্বৰ কাহিনীও পোহৰলৈ আহে, যিয়ে তেওঁৰ উদ্দেশ্য আৰু মিত্ৰতাৰ কাৰণ বুজায়।