NORTHEAST NOW (Assamese)
অসম

দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সম্পৰ্কে চিপিআই(এম)ৰ বিবৃতি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 10, 2024 4:42 pm

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা ৰাজ্যৰ নিৰ্বাচনৰ বিপৰীত ধৰণৰ ফলাফল, জম্মু আৰু কাশ্মীৰত বিপুল জয় আৰু হাৰিয়ানাত আশা নকৰা ধৰণৰ বিপৰ্যয়ে ধৰ্মনিৰপেক্ষ শক্তিবোৰক আগন্তুক দিনত বিজেপিৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ ক্ষেত্ৰত মূল্যৱান শিক্ষা দিছে ৷

জম্মু আৰু কাশ্মীৰত নেছনেল কনফাৰেঞ্চ আৰু ইয়াৰ সহযোগী দলবোৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ ছবছৰীয়া স্বৈৰতান্ত্ৰিক শাসনৰ অন্তত প্ৰথমখন নিৰ্বাচিত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে ৷ সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদৰ বিলোপ, ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি ৰাজ্যখনক দুখন কেন্দ্ৰীয়শাসিত অঞ্চললৈ বিভাজন আৰু সমষ্টিসমূহৰ অভিসন্ধিমূলক পুনৰ-গঠনৰ মাজেৰে জনসাধাৰণৰ গণতান্ত্ৰিক আশা- আকাংক্ষাক নস্যাৎ কৰিবলৈ কেন্দ্ৰীয় বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰিছিল ৷ জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণৰ ব্যৰ্থহীন ৰায়দানে তাৰ উপযুক্ত প্ৰত্যুত্তৰ দিলে ৷

হাৰিয়ানাত কংগ্ৰেছৰ সৈতে হোৱা তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসন দখল কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু কংগ্ৰেছৰ সৈতে ভোটৰ শতাংশৰ পাৰ্থক্য একেবাৰে কম ; মাত্ৰ ০ .৬ শতাংশ ৷ বিজেপিৰ এই সফলতাৰ পিছফালে আছে সূক্ষ্মাতিসূক্ষ্ম বৰ্ণভিত্তিক সমাবেশ আৰু ছলনাপূৰ্ণ(insidious)সাম্প্ৰদায়িক প্ৰচাৰ ৷ এই জনাদেশৰ পিছফালে আৰু অন্য কি কাৰকে ক্ৰিয়া কৰিছে সেই সম্পৰ্কে কংগ্ৰেছে আত্মসমীক্ষা কৰা উচিত৷

জম্মু আৰু কাশ্মীৰৰ কুলগাম সমষ্টিত মহম্মদ ইউছুফ তাৰিগামিক একেৰাহে পঞ্চমবাৰ জয়ী কৰোৱাৰ বাবে সমষ্টিটোৰ ৰাইজক চি পি আই (এম)-এ অভিনন্দন জনাইছে ৷