NORTHEAST NOW (Assamese)
অসম

আংশিক পুনৰ নিৰ্বাচনক লৈ অসন্তুষ্ট চি পি আই-এম; নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে পালে উচ্চতম ন্যায়ালয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2019 4:10 pm
Bijon-Dhar-570x427

পশ্চিম ত্ৰিপুৰা লোকসভা সমষ্টিৰ মুঠ ১৬৭৯ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত মাত্ৰ ১৬৮ টা ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী আয়োগে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দিয়া নিৰ্দেশত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ত্ৰিপুৰাৰ বাও মৰ্চাই।

বুধবাৰে সন্ধিয়া আগৰতলাত থকা চি পি আই-এমৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি দলটোৰ আহ্বায়ক বিজন ধাৰে কয় যে পশ্চিম ত্ৰিপুৰাৰ সকলো ভোটাৰ ৰাইজে নিৰ্বাচনী আয়োগৰ সিদ্ধান্তত অসন্তোষ ব্যক্ত কৰিছে।

ধাৰে অভিযোগ কৰা মতে সমষ্টিটোৰ ৫০ শতাংশতকৈও অধিক প্ৰকৃত ভোটাৰে বিজেপি কৰ্মীসকলৰ ভোটদানৰ দিনা কৰা ৰেগিঙৰ বাবে ভোটদান কৰিব পৰা নাছিল। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ প্ৰায় এমাহ উকলি যোৱাৰ পাছত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ অহা কথাটোৱে নিৰ্বাচনী আয়োগৰ অমনোযোগিতাৰ দিশটো প্ৰকাশ কৰিছে বুলি ধাৰে অভিযোগ কৰে।

চি পি আই-এমৰ নেতাগৰাকীয়ে গোটেই সমষ্টিটোত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী তোলে।

উল্লেখযোগ্য যে, বাও মৰ্চাই ১১ এপ্ৰিলত অনুষ্ঠিত হোৱা নিৰ্বাচনত হোৱা অনিয়মৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

চি পি আই-এমৰ আহ্বায়ক গৰাকীয়ে কয় যে, পশ্চিম ত্ৰিপুৰা বাও মৰ্চাৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ দত্তই বুধবাৰে উচ্চতম ন্যায়ালয়ত সমষ্টিটোত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গোচৰ তৰিছিল।