NORTHEAST NOW (Assamese)
অসম

আজি চি এ চিয়ে বাচনি কৰিব ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচক পদৰ প্ৰাৰ্থী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 3, 2020 8:54 am
bcci-new-644x362

বি চি চি আইৰ ক্ৰিকেট উপদেষ্টা সমিতিয়ে (চি এ চি) আজি মুম্বাইস্থিত মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। বৈঠকত দুজন ৰাষ্ট্ৰীয় নিৰ্বাচকৰ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা হ’ব।

বি চি চি আইৰ সংবিধান অনুসৰি নিৰ্বাচক বাচনিৰ কৰ্তৃত্ব কেৱল চি এ চিৰ হাতত হে আছে।

যোৱা ৩১ জানুৱাৰিত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মদন লাল, আৰ পি সিং আৰু সুলঝানা নাইকক চি এ চিৰ দায়িত্ব প্ৰদান কৰা হৈছিল। আৰু আজি প্ৰথমবাৰৰ বাবে বি চি চি আইৰ বিষয়ববীয়া সকলৰ সৈতে এই সমিতিখনে বৈঠকত মিলিত হ’ব।

উল্লেখ্য যে নিৰ্বাচক সমিতিৰ প্ৰমুখ এম এছ কে প্ৰসাদ আৰু তেওঁৰ সতীৰ্থ গগন খোড়াৰ কাৰ্যকাল ইতিমধ্যে অন্ত পৰিছে।

এই পদ দুটাৰ বাবে ইতিমধ্যে ৪০ ৰো অধিক লোকে আবেদন কৰিছে কিন্তু সমিতিখনে সাক্ষাতৰ বাবে ৪ ৰ পৰা ৬ জনকহে বাচনি কৰিব।

জানিব পৰা মতে অহা ৫ আৰু ৬ মাৰ্চত সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব আৰু চলিত সপ্তাহৰ শেষৰফালে দায়িত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে।

ইফালে ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে ডুবাইত অনুষ্ঠিত হ’ব লগীয়া এছিয়াই ক্ৰিকেট পৰিষদৰ বৈঠকত অংশ নোলোৱাৰ সিদ্ধান্ত লৈছে বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে। তেওঁ আজি মুখ্য কাৰ্যালয়তে উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।