NORTHEAST NOW (Assamese)
Popular Stories

পেট্ৰ’লৰ ‘চেঞ্চুৰী’! ক্ৰিকেটাৰ মনোজ টিৱাৰীৰ অভিনন্দন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 19, 2021 9:02 pm

পেট্ৰলৰ মূল্যই ১০০ৰ সীমা অতিক্ৰম কৰাৰ পাছতে সামাজিক মাধ্যমসমূহত  চৰকাৰ সমালোচিত হৈছে।

এইক্ষেত্ৰত ক্ৰিকেটাৰ মনোজ তিৱাৰীৰ এটা টুইটে চৰ্চা লাভ কৰিছে। ব্যংগাত্মকভাৱে শ্বেয়াৰ কৰা টুইটটোত তেওঁ পেট্ৰলৰ মূল্যই ‘শতক’ অৰ্জন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

ক্ৰিকেটৰ ধাৰভাস্যৰ আৰ্হিত তিৱাৰীয়ে লিখিছে যে পেট্ৰলৰ শতকটোৱে আনন্দিত কৰিছে আৰু এইক্ষেত্ৰত পেট্ৰলক ডিজেলেও সহযোগ কৰিছে!

ইয়াৰোপৰি ‘পেট্ৰল ডিজেল প্ৰাইচ হাইক’ৰ হেশ্বটেগেৰে তেওঁ কয় যে পেট্ৰল-ডিজেলৰ এই ইনিংছটো সহজ নাছিল, কাৰণ তেওঁলোকে সাধাৰণ জনতাৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হৈছে।

উল্লেখযোগ্য যে আইপিএলৰ এগৰাকী নিয়মীয়া খেলুৱৈ মনোজ তিৱাৰীয়ে ইয়াৰ পূৰ্বে কৃষক আন্দোলন সম্পৰ্কত শচীন টেণ্ডুলকাৰকে ধৰি অন্যান্য ক্ৰিকেটাৰসকলৰ স্থিতিক লৈ টুইটাৰত সমালোচনা কৰিছিল।