NORTHEAST NOW (Assamese)
Popular Stories

এইবাৰ চিনেমা জগতত ‘থালা’: নিৰ্মাণ কৰিব তামিল চিনেমা, অভিনয়ত নয়নতৰা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 14, 2022 5:30 pm
Dhoni

কেৱল ক্ৰিকেটৰ ফিল্ডৰ যাদুৰেই নহয়, এইবাৰ চিনেমা প্ৰযোজক হিচাপেও চমক সৃষ্টি কৰিবলৈ উলাইছে মহেন্দ্ৰ সিং ধোনী ওৰফে থালা ওৰফে মাহী ওৰফে কেপ্টেইন কুলে।

শেহতীয়াকৈ জানিব পৰা মতে, তামিল চিনেমা নিৰ্মাণ কৰিব ধোনীয়ে। প্ৰথমখন চিনেমাত অভিয় কৰিব দক্ষিণ ভাৰতৰ মোহময়ী অভিনেত্ৰী নয়নতৰাই।

চলিত মাহৰ শেষৰ ফালেই চিনেমাখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ধোনীৰ গৃহৰাজ্য ঝাৰখণ্ড যদিও চেন্নাই চুপাৰ কিংছৰ অধিনায়ক হোৱাৰ সূত্ৰে তামিলনাডুৰ স’তে আত্মিক সম্বন্ধ গঢ়ি উঠে।

২০০৮ চনৰ প্ৰথম আইপিএলৰ পৰা বৰ্তমানলৈকে তেওঁ চেন্নাইৰ হৈয়েই খেলি আহিছে।

বিশ্ববিজয়ী তাৰকাজনক সেয়ে তামিলসকলে “থালা’’ অৰ্থাৎ নেতা বুলি মাতে। তামিলসকলৰ এই স্নেহৰ বাবেই ধোনীয়ে তামিল চিনেমা নিৰ্মাণ কৰিবলৈ পৰিকল্পনা কৰিছে।

অৱশ্যে এতিয়ালৈকে এই সংক্ৰান্তত ৰাজহুৱাকৈ ঘোষণা কৰা হোৱা নাই।