NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ জীৱ-জন্তুক লৈ চিন্তিত ৰোহিত শৰ্মা; অসমবাসীলৈ টুইটাৰযোগে কৰিলে এই আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 18, 2019 4:04 pm
cwc-2019-ind-vs-sl-rohit-sharma-century-770x435

ভয়াবহ বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৯০ শতাংশ অঞ্চল জলমগ্ন হোৱাৰ পাছত উদ্যানখনত থকা বনৰীয়া জীৱ-জন্তুবোৰে নিৰাপদ আশ্ৰয় বিছাৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰলৈ উঠি আহিবলগা হৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুবোৰে বানপানীৰ বাবে আশ্ৰয়হীন হৈ এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়ত বহুতে দূৰ্ঘটনাত পতিত হৈ মৃত্যু বৰণ কৰিবলগীয়া হৈছে অথবা আঘাতপ্ৰাপ্ত হৈছে।

কাজিৰঙাত বানপানীৰ ফলত উদ্যানখনৰ জীৱ-জন্তুৱে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ কিছুমান ফটো ছ’চিয়েল মিডিয়া যোগে ভাইৰেল হোৱাৰ পাছতে জীৱ-জন্তুসমূহৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অপেনিং বেটছমেন ৰোহিত শৰ্মা।

ৰোহিতে নিজৰ টুইটাৰ যোগে কাজিৰঙাৰৰ বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় ঘাইপথ পাৰহোৱাৰ দৃশ্য শ্বেয়াৰ কৰি সকলোকে বনৰীয়া জীৱ-জন্তু সমূহক পথটো পাৰ হোৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ অনুৰোধ কৰি ধীৰ গতিৰে আৰু সাৱধানে যান-বাহন চলোৱাৰ বাবে আহ্বান জনাইছে।

ৰোহিতে নিজৰ টুইটাৰত এনেদৰে লিখিছে ‘‘এনে দৃশ্য দেখি দুখ পাইছো। অসমৰ জনগন কাজিৰঙাৰ পাৰ হওতে ধীৰে ধীৰে আৰু সাৱধানে যান-বাহন চলাব, এই ধুনীয়া জন্তুবোৰৰ যাবৰ বাবে ৰাস্তাৰ বাহিৰে বেলেগ পথ নাই’’।

উল্লেখযোগ্য যে, ৰোহিত শৰ্মা আৰু তেওঁৰ পত্নী ৰিতিকাই গড়ৰ সুৰক্ষাৰ বাবে বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে।

কাজিৰঙাৰ বন সুৰক্ষা কৰ্মীসকলে বানপানীৰ পাছৰে পৰা কাজিৰঙাৰ মাজেৰে যান-বাহন পাৰ হোৱাৰ ক্ষেত্ৰত বিশেষ সুৰক্ষামূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে।