NORTHEAST NOW (Assamese)
অসম

বিগ বি, ছেহৱাগ আৰু দ্যুতি চান্দৰ সৈতে একেলগে হিমা; উত্তৰ দিলে বিভিন্ন প্ৰশ্নৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 2, 2019 9:41 am
Hima Das at KBC

বলীউদৰ পিতামহ স্বৰূপ অমিতাভ বচ্চনে পৰিচালনা কৰা জনপ্ৰিয় টেলিভিশ্যন শ্ব’ ‘কৌন বনেগা ক্ৰোৰপতি’ৰ বিশেষ অনুষ্ঠানত প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা বিৰেন্দাৰ ছেহৱাগৰ সৈতে উপস্থিত থাকে দেশৰ দুই সম্ভাৱনাময় দৌৰবিদ অসম কন্যা হিমা দাস আৰু দ্যুতি চান্দ।

শুকুৰবাৰে নিশা টেলিভিশ্যনত অনুষ্ঠানটো সম্প্ৰচাৰিত হয় য’ত হিমাই ছেগৱাগ আৰু দ্যুতিৰ সৈতে অমিতাভ বচ্চনৰ প্ৰশ্নৰ উত্তৰ দিয়া দেখা গ’ল।

প্ৰশ্ন উত্তৰৰ খেলখনত অংশগ্ৰহণ কৰি তিনিও গৰাকী খেলুৱৈয়ে মুঠ ১২,৫০,০০০ টকা জয় কৰিবলৈ সক্ষম হয়।

বিশেষ খণ্ডটোত অমিতাভ বচ্চনে হিমা দাসক বিভিন্ন প্ৰশ্ন কৰাৰ লগতে হিমা আৰু দ্যুতি চান্দে দেশৰ হৈ পদক দখল কৰাৰ গৌৰৱময় ক্ষণৰ ভিডিঅ’ এটাও প্লে কৰে।

আনহাতে, প্ৰাক্তন ক্ৰিকেটাৰ ছেহৱাগে অনুষ্ঠানত হিমা আৰু দ্যুতিৰ উচ্চ প্ৰশংসা কৰাৰ লগতে দুয়োগৰাকী খেলুৱৈয়ে অনাগত দিনত দেশৰ নাম উজলাবলৈ সক্ষম হ’ব বুলি কয়।

উল্লেখযোগ্য যে, আঘাতৰ বাবে কিছু দিনৰ পৰা খেলৰ পৰা আতৰি থকা হিমাই ভাৰতীয় দলৰ অলিম্পিক প্ৰস্তুতি শিৱিৰলৈ আমন্ত্ৰণ লাভ কৰিছিল।