NORTHEAST NOW (Assamese)
Popular Stories

১৪ ফেব্ৰুৱাৰিত মিয়া খালিফাক টুইট : ট্ৰ’লৰ সন্মুখীন ক্ৰিকেটাৰ হৰপ্ৰীত; কি কৈছিল টুইটত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2021 7:49 am
Harpreet-Brar-PBKS-IPL-2021_571_855

কিংছ ইলেভেন পঞ্চাৱৰ ক্ৰিকেটাৰ হৰপ্ৰীত ব্ৰাৰৰ এক বিশেষ টুইটে তোলপাৰ লগাইছে টুইটাৰত।

টুইটাৰ ইউজাৰসকলে হৰপ্ৰীতৰ এটা বিশেষ টুইটক লৈ ট্ৰ’ল আৰম্ভ কৰিছে প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীক।

হৰপ্ৰীতৰ সেই বিশেষ টুইটটো কি আছিল?

যোৱা ১০ ফেব্ৰুৱাৰিত লেবাননৰ প্ৰাক্তন পৰ্ণষ্টাৰ মিয়া খালিফাৰ জন্মদিন আছিল।

মিয়াই ১১ ফেব্ৰুৱাৰিত ২৮ বছৰীয়া জন্মদিনৰ উপলক্ষ্যে নিজৰ এখন আকৰ্ষণীয় ফ’টো আপলোড কৰিছিল।

 

ইমানলৈকে সকলো ঠিকেই আছিল। কিন্তু তাৰ তিনি দিনৰ পিছত অৰ্থাৎ ১৪ ফেব্ৰুৱাৰিত হৰপ্ৰীত ব্ৰাৰৰ-এ মিয়া খালিফাৰ উক্ত পোষ্টটো শ্বেয়াৰ কৰি টুইটাৰত লিখিলে “পলমকৈ হ’লেও জন্মদিনৰ শুভেচ্ছা মিয়া খালিফা”।

এই টুইটটোকলৈয়ে এতিয়া টুইটাৰ ইউজাৰসকলে হৰপ্ৰীতক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে।

অৱশ্যে নেট দুনীয়াত এই টুইট কিছু পলমকৈহে ভাইৰেল হৈ পৰে। ভাইৰেল হোৱাৰ পিছত হৰপ্ৰীত আৰু মিয়া খালিফাকলৈ মিমাৰসকলে মিম সৃষ্টি কৰি হৰপ্ৰীত ব্ৰাৰৰক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছে।