NORTHEAST NOW (Assamese)
Popular Stories

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 7, 2026 8:17 pm

অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা ভক্তসকলে দান কৰা কোটি কোটি টকা নোহোৱা হৈ গৈছে। দেওবাৰে সমাজবাদী পাৰ্টিৰ সাংসদ অখিলেশ যাদৱে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁৰ এই দাবীৰ পিছতে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইমান বৃহৎ পৰিমাণৰ ধন নোহোৱা হৈ যোৱা ঘটনাত সাংসদগৰাকীয়ে পোনপটীয়াকৈ মন্দিৰ ট্ৰাষ্টৰ ফালে আঙুলি টোঁৱাইছে। ইয়াৰ লগতে তেওঁ সমগ্ৰ বিষয়টোত ন্যায়ালয়ৰ হস্তক্ষেপো দাবী কৰিছে।

দেওবাৰে ছ‘চিয়েল মিডিয়াত এই সন্দৰ্ভত এটা পোষ্ট কৰি অখিলেশ যাদৱে লিখে যে সমগ্ৰ বিশ্বতে বিয়পি থকা ৰাম ভক্তসকলৰ বাবে এয়া অতি দুখৰ খবৰ। ৰাম মন্দিৰত ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান হৈ গৈছে। এই ঘটনা মন্দিৰ ট্ৰাষ্টৰ বাবে অতি লজ্জাজনক আৰু অস্বস্তিকৰ। কোনোৱেই সন্মুখলৈ আহি এই বিষয়ত মুখ খুলিব বিচৰা নাই। ইয়াৰ লগতে ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি তেওঁ কয় যে এই ক্ষেত্ৰত দেশৰ ন্যায়ালয়ক স্বতঃপ্ৰণোদিতভাৱে হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছো। কাৰণ এই বিষয়টো বিশ্বৰ সকলো ৰাম ভক্ত আৰু সনাতনীৰ বিশ্বাসৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। এই ক্ষেত্ৰত চৰকাৰৰ নীৰৱতা সঁচাকৈয়ে সন্দেহজনক।

এই সমগ্ৰ বিষয়টোক লৈ সমাজবাদী পাৰ্টিয়েও সৰৱ হৈ পৰিছে। দলটোৰ মিডিয়া চেলৰ তৰফৰ পৰা ছ‘চিয়েল মিডিয়াত লিখা হৈছে যে অযোধ্যাত ৰাম মন্দিৰৰ অনুদানৰ পৰা কোটি কোটি টকা আত্মসাৎ আৰু চুৰি হোৱাটো কেৱল লজ্জাজনকেই নহয়, বৰঞ্চ ইয়াৰ দায়িত্বত থকাসকলৰ ওপৰতো প্ৰশ্নবোধক চিন আঁকি দিছে। ট্ৰাষ্টৰ সৈতে জড়িত জ্যেষ্ঠ বিষয়াসকলে কেৱল এই বিষয়ত স্পষ্টীকৰণ দিলেই নহ’ব, বৰঞ্চ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আৰু ভক্তৰ পৰা অনুদান হিচাপে এতিয়ালৈকে কিমান টকা পোৱা গৈছে আৰু সেয়া ক’ত খৰচ কৰা হৈছে, তাৰো হিচাপ ৰাইজৰ আগত দাঙি ধৰিব লাগিব। মন্দিৰৰ পুঁজিৰ ধন আত্মসাৎ, জালিয়াতি আৰু চুৰি কোনো কাৰণতে মানি ল’ব নোৱাৰি। এই ঘটনা ভক্তসকলৰ বিশ্বাসৰ ওপৰত এক ডাঙৰ আঘাত। বিজেপিয়ে কমেও ভগৱানক ৰেহাই দিয়া উচিত বুলিও দলটোৱে কটাক্ষ কৰে।

ইপিনে ৰাম মন্দিৰত ভক্তৰ দানৰ ধনক লৈ বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগে শ্ৰী ৰাম জন্মভূমি ট্ৰাষ্টৰ অন্যতম প্ৰধান দীনেদ্ৰ দাসে এই বিষয়ত মুখ খুলিছে। তেওঁ কয় যে ভগৱান শ্ৰীৰামৰ ঐতিহ্যৰ প্ৰতি আমাৰ গভীৰ বিশ্বাস আছে। যদি সঁচাকৈয়ে এই ক্ষেত্ৰত কিবা ভুল হৈছে, তেন্তে স্বয়ং ভগৱান ৰামে তাৰ বিচাৰ কৰিব আৰু ৰামেই তেওঁলোকক শাস্তি প্ৰদান কৰিব।