NORTHEAST NOW (Assamese)
অসম

বিজেপিয়ে বিৰোধীক দুৰ্বল কৰিবলৈ ব্যবহাৰ কৰিছে কৰিমুদ্দিনক; পুনৰ উচ্চ ন্যায়ালয়ত গোচৰ তৰিব দেবব্ৰত শইকীয়াই

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী July 24, 2022 8:53 pm
বিজেপিয়ে বিৰোধীক দুৰ্বল কৰিবলৈ ব্যবহাৰ কৰিছে কৰিমুদ্দিনক; পুনৰ উচ্চ ন্যায়ালয়ত গোচৰ তৰিব দেবব্ৰত শইকীয়াই

বিজেপিয়ে বিৰোধীক দুৰ্বল কৰিবলৈ ব্যৱহাৰ কৰে AIUDF ৰ কৰিমুদ্দিন বৰভূঞাক!

গুৱাহাটী উচ্চ ন্যায়ালয়ত মিছলীয়া কৰিমুদ্দিনৰ বিৰুদ্ধে গোচৰ তৰিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

সংবাদ মাধ্যমৰ আগত শইকীয়াই কয় “বিধায়ক কৰিমুদ্দিন এজন গোকাট মিছলীয়া ব্যক্তি, ইয়াৰ প্ৰমান ইতিমধ্যে তেওঁ নিৰ্বাচনী আয়োগক দিয়া ভুৱা হলফনামাৰ পৰা পোৱা গৈছে। তেওঁ যে, ধাৰাবাহিক ভাৱে মিচা কথা কৈ ৰাজনৈতিক ক্ষেত্ৰ খনত বৰ্তি আছে তাৰ প্ৰমাণ অনাগত সময়ত ৰাইজৰ আগত উদঙাই দিব লাগিব। তেওঁৰ ওপৰত ইতিমধ্যে মই এটা গোচৰ ৰুজু কৰি থৈছোঁ আৰু এতিয়া তেওঁ মোৰ ওপৰত অনা কেতবোৰ ভুৱা ও ষড়যন্ত্ৰ মুলক অভিযোগৰ সন্দৰ্ভত আৰু এটা গোচৰ ৰুজু কৰিম।”

তেওঁ এই সকলোবোৰ ভুৱা অভিযোগৰ প্ৰমাণ দাঙি ধৰিব লাগিব বুলি দাবী জনায় দেৱব্ৰত শইকীয়াই।

বিজেপিৰ এজেন্ট হিচাপে AIUDF য়ে কাম কৰি যোৱা বুলি প্ৰতিপন্ন কৰিব বিচাৰি শইকীয়াই কয় “কিছুমান দল আছে সেই বিলাক দলৰ নেতৃত্বই শাসকীয় দলৰ ভৃত্য হিচাপে কাম কৰে। বিজেপিয়ে বিৰোধী মুক্ত ভাৰত বিচাৰিলেও কংগ্ৰেছে সদায় বিজেপিৰ অপশাসন আৰু কু শাসনৰ বিৰুদ্ধে মাত মাতি আহিছে। বিজেপিৰ ষড়যন্ত্ৰৰ অন্যতম হাথিয়াৰ হৈছে কৰিমুদ্দিন বৰভূঞা।”

সময়ত দৰকাৰ হ’লে, কৰিমুদ্দিন বৰভূঞাৰ “Deception Detection Test” বা ‘Polygraph Test’ কৰিবলৈ শইকীয়াই আহ্বান জনাব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

তেওঁ লগতে কয় “যাতে সঁচা-মিচাৰ প্ৰমাণ পোৱা যায়। বিজেপিৰ শ্ৰুতলিপি মতে বিধায়ক কৰিমুদ্দিনে মোৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনি আছে।”