NORTHEAST NOW (Assamese)
অসম

চি আৰ পি এফৰ জোৱানৰ আত্মবলিদানৰ প্ৰতিষোধ; কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2020 3:50 pm

জম্মু-কাশ্মীৰত বৃহস্পতিবাৰে নিৰাপত্তাৰক্ষী বাহিনীয়ে এজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে।

নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা গুলীয়াগুলিত বৃহস্পতিবাৰে শ্ৰীনগৰত নিহত হয় জাহিদ দাচ নামৰ সন্ত্ৰাসবাদীজন।

উল্লেখযোগ্য যে, এই সন্ত্ৰাসবাদীজনৰ গুলীতে বিগত সপ্তাহত জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত এজন চি আৰ পি এফ জোৱান চহিদ হোৱাৰ লগতে এজন ছয় বছৰীয়া শিশুৰ মৃত্যু হৈছিল।

সন্ত্ৰাসবাদীজনক নিহত কৰিব পৰাটো জম্মু-কাশ্মীৰ আৰক্ষী আৰু চি আৰ পি এফৰ বাবে বৃহৎ সফলতা বুলি কাশ্মীৰ জ’ন আৰক্ষীয়ে টুইট কৰে।

জাহিদ দাচৰ সৈতে থকা আন দুজন সন্ত্ৰাসবাদীকো ৩০ জুনত নিৰাপত্তাৰক্ষী বাহিনীয়ে গুলীয়াই নিহত কৰিছিল।

আনহাতে, বুধবাৰে সন্ত্ৰাসবাদীৰ গুলীত পুনৰ এজন চি আৰ পি এফৰ জোৱান চহিদ হোৱাৰ লগতে এজন বৃদ্ধ লোকৰ মৃত্যু হৈছিল।

বৃদ্ধ লোকজনৰ বুকুত বহি এটা শিশুই কান্দি থকাৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। উক্ত শিশুটিক চি আৰ পি এফৰ জোৱানে উদ্ধাৰ কৰি পৰিয়ালৰ লোকৰ হাতত গটাই দিছিল।