NORTHEAST NOW (Assamese)
অসম

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত শ্বহীদ অসমৰ বীৰ জোৱান মৃত্যুঞ্জয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 25, 2020 8:34 am

জম্মু-কাশ্মীৰৰ গাণ্ডেৰৱালত সন্ত্ৰাসবাদীৰৰ গ্ৰেনেড আক্ৰমণত অসমৰ মৃত্যুঞ্জয় চেতিয়া নামৰ চি আৰ পি এফৰ জোৱান বীৰ জোৱান গৰাকী শ্বহীদ হয়।

মৃত্যুঞ্জয় চেতিয়াৰ ঘৰ অসমৰ ধেমাজি জিলাত।

চি আৰ পি এফৰ উদ্ধৃতি অনুসৰি, মৃত্যুঞ্জয় চেতিয়াই সুৰক্ষা বাহিনীৰ ১১৫ বেটেলিয়নত কনিষ্ঠবল হিচাপে কৰ্মৰত আছিল।

২৪ বছৰীয়া চি আৰ পি এফ জোৱান গৰাকীয়ে ধেমাজিত ১৯৯৬ চনৰ ১০ নৱেম্বৰত জন্মগ্ৰহণ কৰিছিল।

বুধবাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা গ্ৰেনেড বিস্ফোৰণত মুঠ তিনিগৰাকী চি আৰ পি এফৰ জোৱান আঘাতপ্ৰাপ্ত হয়।

গাণ্ডেৰৱালৰ দুদেৰহামত তাৱাহিদ চ’কত চি আৰ পি এফৰ তহলদাৰী দললৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ দলে গ্ৰেনেড নিক্ষেপ কৰে আৰু এই গ্ৰেনেড নিক্ষেপত অসমৰ বীৰ জোৱান গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মৃত্যুঞ্জয়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।

মৃত্যুঞ্জয়ৰ মৃত্যুত চি আৰ পি এফে গভীৰ শোক প্ৰকাশ কৰি ৰাষ্ট্ৰৰ হকে মৃত্যুঞ্জয়ে নিজকে উৎসৰ্গা কৰে বুলি উল্লেখ কৰে।