NORTHEAST NOW (Assamese)
Popular Stories

বহাগৰ প্ৰথম দিনটোতে মাওবাদীৰে সংঘৰ্ষত চহিদ হ’ল অসমৰ বিশ্বজিৎ

Posted by: এন ই নাও নিউজ April 15, 2019 5:32 pm

ৰঙালী বিহুৰ আনন্দ উল্লাসত অসমৰ ৰাইজ ব্যস্ত হৈ থকাৰ মাজতে আজি পুৱা ঝাৰখণ্ডৰ নক্সাল অধ্যুষিত গিৰিডীহত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত অসমৰ এগৰাকী জোৱান চহিদ হ’ব লগীয়া হ’ল।

প্ৰাপ্ত তথ্য মতে আজি পুৱা প্ৰায় ৬ বজাত গিৰিডীহ জিলাৰ বেলভা ঘাট অঞ্চলৰ ঘন জংঘলত চি আৰ পি এফৰ ৭নং বেটেলিয়নে অভিযান চলাই থকাৰ সময়ত সংঘটিত সংঘৰ্ষত বিশ্বজিৎ চৌহান (২৪) নামৰ জোৱানজনে প্ৰাণ হেৰুৱায়।

উক্ত সংঘৰ্ষটোত অসমৰ জোৱানজনৰ লগতে ৩ গৰাকী মাওবাদী বিদ্ৰোহীও নিহত হয়।

চি আৰ পি এফ কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি চহিদ বিশ্বজিৎ চৌহানৰ ঘৰ অসমৰ ওদালগুৰি জিলাৰ কলাইগাঁও আৰক্ষী চকীৰ অন্তৰ্গত পুঠিমাৰী গাঁৱত। কমল চৌহানৰ প্ৰথম সন্তান বিশ্বজিতে চাৰি বছৰ পূৰ্বে চি আৰ পি এফত যোগদান কৰিছিল।

সংঘৰ্ষস্থলীৰ পৰা চি আৰ পি এফে মাওবাদী ৩ গৰাকীৰ মৃতদেহৰ লগতে এটা এ কে-৪৭ ৰাইফল, তিনিটা মেগজিন আৰু চাৰিটা পাইপ বোমা উদ্ধাৰ কৰিছে।

উল্লেখযোগ্য যে যোৱা ৪ এপ্ৰিলত ছত্তীশগড়ৰ কানকেৰ জিলাত মাওবাদীৰ সৈতে হোৱা এক সংঘৰ্ষত বিপুল বৰা নামৰ শিৱসাগৰ জিলাৰ বি এছ এফৰ এজন জোৱানে প্ৰাণ হেৰুৱাইছিল।